Assameseহামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল।২০২৩ চনৰ ৭ অক্টোবৰৰ পুৱা ইজৰাইলৰ বাবে এক ক'লা অধ্যায় হিচাপে পৰিগণিত হৈ ৰ'ব! ২০২৩ চনৰ ৭ অক্টোবৰৰ দিনটোতে হামাছে নৃশংসভাৱে আক্ৰমণ চলাইছিল ইজৰাইলৰ ওপৰত।Jyotiprasad Sarma Oct 07, 2025 13:12 ISTহামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ২০২৩ চনৰ ৭ অক্টোবৰৰ ৰক্তাক্ত ৰাতিপুৱা! ২০২৩ চনৰ ৭ অক্টোবৰৰ পুৱা ইজৰাইলৰ বাবে এক ক'লা অধ্যায় হিচাপে পৰিগণিত হৈ ৰ'ব! ২০২৩ চনৰ ৭ অক্টোবৰৰ দিনটোতে হামাছে নৃশংসভাৱে আক্ৰমণ চলাইছিল ইজৰাইলৰ ওপৰত। হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল। Advertisment২০২৩ চনৰ ৭ অক্টোবৰৰ দিনটোতে হামাছে ইজৰাইলত অনুপ্ৰৱেশ কৰি চলাইছিল ধ্বংসলীলা। হামাছে ইজৰাইলৰ সংগীত উৎসৱ, সামৰিক ঘাটি, সাধাৰণ নাগৰিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰে। হামাছে বিমানেৰে আক্ৰমণ চলাই দক্ষিণ আৰু মধ্য ইজৰাইলৰ চহৰবোৰত ৪৩০০ৰো অধিক ৰকেট নিক্ষেপ কৰিছিল। হামাছৰ এই ভয়ংকৰ আক্ৰমণত ১,২০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছিল। বহুলোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহুলোক স্থানচ্যুত হয়। হামাছে ইজৰাইলৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰি সাধাৰণ নাগৰিকক অতি নিৰ্মমভাৱে হত্যা কৰে। এই আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে, শিশু, মহিলা, বৃদ্ধকে ধৰি কোনো লোক সাৰি যোৱা নাছিল এই আক্ৰমণৰ পৰা। হামাছাৰ আক্ৰমণত প্ৰায় ১২০০ লোক মৃত্যুমুখত পৰিছিল, আনহাতে প্ৰায় ২৫০ জন লোকক পণবন্দী কৰা হৈছিল, ইয়াৰে ৪৭জন গাজাত কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ। হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণ ইজৰাইলৰ বাবে এক ৰাষ্ট্ৰীয় জোকাৰণি। এই নৃশংস ঘটনাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ পণ লয়। ইজৰাইলে গাজাত আৰম্ভ কৰে এক বৃহৎ প্ৰতিশোধমূলক অভিযান। যি অভিযানৰ মূল লক্ষ্য আছিল হামাছক সম্পূৰ্ণৰূপে নিমূৰ্ল কৰা। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে লগে লগে গাজাষ্ট্ৰিপত স্থল আৰু আকাশী অভিযান আৰম্ভ কৰে। যুদ্ধ বিমান, স্থল সৈন্যই গাজাত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। যাৰ ফলত ৬৬ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হয় আৰু ১ লাখ ৬০ হাজাৰৰো অধিক লোক আহত হয়। ইজৰাইলে গাজাৰ বিৰুদ্ধে কৰা ব্যাপক প্ৰতিশোধমূলক ভয়ংকৰ পৰিস্থিতি আজিও অব্যাহত আছে। বহু লোকৰ মৃত্যু আৰু ধ্বংসলীলা আদিয়ে মধ্যপ্ৰাচ্যক কঁপাই তুলিছিল। ইজৰাইলৰ আক্ৰমণত গাজাৰ আন্তঃগাঁথনি ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। ইজৰাইলৰ সৈন্যই ক্ৰমান্বয়ে গাজাত অনুপ্ৰৱেশ কৰি হামাছৰ সৈতে যুদ্ধত লিপ্ত হয়। ইজৰাইলৰ আক্ৰমণত হামাছৰ কেইবাজনো শীৰ্ষ নেতা নিহত হোৱাৰ খবৰ। Read the Next Article