Advertisment

'ক্লড এআই'ৰে আক্ৰমণ ইজৰাইলত!

ইৰান, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ বাবে মধ্য প্ৰাচ্যত এতিয়া বিভীষিকাময় পৰিস্থিতি। এফালে যুযুধান ৰূপত আমেৰিকা আৰু ইজৰাইল। আনফালে এৰি দিয়া নাই ইৰানেও। ফলত অগ্নিগৰ্ভা হৈ পৰিছে ইখনৰ পিছত সিখন চহৰ।

 'ক্লড এআই'ৰে আক্ৰমণ ইজৰাইলত!
'ক্লড এআই'ৰে আক্ৰমণ ইজৰাইলত!

'ক্লড এআই'ৰে আক্ৰমণ ইজৰাইলত!

কি এই 'ক্লড এআই'?

ইৰান, আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ বাবে মধ্য প্ৰাচ্যত এতিয়া বিভীষিকাময় পৰিস্থিতি। এফালে যুযুধান ৰূপত আমেৰিকা আৰু ইজৰাইল। আনফালে এৰি দিয়া নাই ইৰানেও। ফলত অগ্নিগৰ্ভা হৈ পৰিছে ইখনৰ পিছত সিখন চহৰ।

Advertisment

ক্ৰমাত্‍ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। ইখনৰ পিছত সিখন চহৰত বিভীষিকাময় পৰিৱেশ। ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত মধ্য প্ৰাচ্য এতিয়াও অশান্ত। ইৰানৰ প্ৰতিশোধৰ দাবানলত দগ্ধ সমগ্ৰ মধ্য প্ৰাচ্য। 

আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে। সঘনাই ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰানৰ ভিন্ন ঠাইত বিমান, ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে আক্ৰমণ চলাই আছে। ইৰানেও প্ৰত্যাক্ৰমণ চলাই আছে। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকাই এই সামৰিক সংঘাতত আন এক অস্ত্ৰ ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে। সামৰিক অভিযানত আমেৰিকাই ব্যৱহাৰ কৰা অস্ত্ৰটো হ'ল 'ক্লড এআই'। 

Advertisment

Also Read: নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তন

ক্লড এআই কি?

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকাৰ সেনাই ইৰানক আক্ৰমণ কৰাৰ ক্ষেত্ৰত ক্লডক ব্যৱহাৰ কৰিছিল। অৱশ্যে পোনপটীয়াকৈ আক্ৰমণ কৰিবলৈ ক্লডক ব্যৱহাৰ কৰা নাছিল আমেৰিকাই। তাৰ পৰিৱৰ্তে ক্লডে আক্ৰমণৰ আগতে কেনেকৈ প্ৰস্তুতি কৰিব পাৰি আৰু আক্ৰমণক কেনেকৈ প্ৰত্যাহ্বান জনাব লাগে তাৰ কৌশল শিকিবলৈহে ব্যৱহাৰ কৰিছিল। 

ক্লড কোনো মিছাইল ব্যৱস্থা নহয়। ই এক অত্যাধুনিক এআই মডেল। এই মডেলটোৱে বিভিন্ন ধৰণৰ তথ্য-পাতি সংগ্ৰহ কৰাৰ লগতে অধ্যয়ন কৰে। আমেৰিকাই ইৰানৰ বিৰুদ্ধে সামৰিক কৌশল প্ৰস্তুত কৰাত ক্লডৰ সহায় লোৱাৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। কোন অঞ্চলত সেনাৰ স্থিতি কেনেকুৱা, কোন অঞ্চলৰ পৰা আক্ৰমণৰ আশংকা আছে, ক'ত সৈন্য বা অস্ত্ৰ মজুত আছে ইত্যাদি তথ্য প্ৰদান কৰি সামৰিক বাহিনীক সহায় কৰে ক্লডে। ই তথ্যৰ ভিত্তিত কোনটো অঞ্চলত প্ৰথমে লক্ষ্য কৰি ল'ব লাগে সেইটো নিৰ্ণয় কৰি সামৰিক বাহিনীক সহায় কৰে। তৃতীয়তে, যদি কোনো বিশেষ স্থানত আক্ৰমণ সংঘটিত হয়, তেন্তে ইয়াৰ সম্ভাৱ্য প্ৰভাৱ কি হ'ব পাৰে, ই কিমান বিপদজনক হ'ব পাৰে, আশে-পাশে থকা অঞ্চলৰ সাধাৰণ জনতাৰ কিমান ক্ষতি হ'ব এই সকলোবোৰ ক্লডৰ সহায়ত আহৰণ কৰাত সুবিধা হয়। আক্ৰমণ কৰাৰ আগত এই অত্যাধুনিক এআই মডেলৰ সহায় লোৱা হয় যদিও চূড়ান্ত সিদ্ধান্ত সামৰিক বাহিনীৰ ওপৰত নিৰ্ভৰশীল। এআই সঁজুলিটোৱে কেৱল তথ্য-পাতিসমূহ দিয়াত সহায় কৰে।

Advertisment

Also Read: বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’ব

ইৰানৰ ওপৰত আক্ৰমণ কৰাৰ ক্ষেত্ৰতো ক্লডৰ ওপৰত ভিত্তি কৰি আমেৰিকাই কোনবোৰ ঠাইত প্ৰথমে আক্ৰমণ কৰিব লাগে সেইটো নিশ্চত কৰিছিল। ক্লডৰ সহায়ত আমেৰিকা আৰু ইজৰাইলে ২৪ ঘণ্টাৰ ভিতৰতে ইৰানৰ প্ৰায় হাজাৰ স্থানক লক্ষ্য কৰি লৈছিল।

Advertisment
Advertisment