Assameseমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ফাদিল...ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ চৰ্চা চলি থকাৰ মাজতেই মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ এসময়ত কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ক'লে।Estafur Rahman Feb 18, 2026 17:04 ISTPhotograph: (dy365)মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ফাদিলAdvertismentAlso Read....কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰপ্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ দিন ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এক বিশেষ চৰ্চা আৰম্ভ হৈছে। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগৰ চৰ্চা চলি থকাৰ মাজতেই মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ এসময়ত কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল, তাৰ অন্তৰালৰ ৰহস্য ক'লে।মুখ্যমন্ত্ৰী শৰ্মাই ২০১২ চনৰ সেই সময়ছোৱাৰ কথা সোঁৱৰণ কৰি কয় যে তেওঁ আৰু তেওঁৰ সতীৰ্থসকলে কেতিয়াও “পেৰাচ্যুট লেণ্ডিং” কৰা নেতাৰ ওচৰত আত্মসমৰ্পণ কৰিব বিচৰা নাছিল। তেওঁ অভিযোগ কৰি কয় যে তদানীন্তন চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ইয়াৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্পষ্টকৈ জনাই দিছিল যে তেওঁ কেতিয়াও এজন পুত্ৰৰ নিৰ্বাচনী সভাত এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে মৰ্যাদা লাঘৱ কৰি উপস্থিত নাথাকে। তেওঁৰ মতে, সাংবিধানিক পদবীত থাকি এনে কাম কৰাটো কলংকিত হোৱাৰ দৰে।Also Read...কংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰবৰ্তমানৰ স্থিতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ত ৰাহুল গান্ধীয়ে তেওঁক মুখ্যমন্ত্ৰী নপতাতো এক আশীৰ্বাদহে আছিল। তেওঁ কয়, “মোক গোৰ মাৰি গংগাত পেলোৱা হৈছিল বাবেহে আজি মই বুকু ডাঠ কৰি সনাতন ধৰ্ম আৰু অসমীয়াৰ বাবে কাম কৰিব পাৰিছোঁ।” তেওঁৰ মতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ’লে তেওঁৰ নামত এটা কাল কলংক থাকি গ’লহেঁতেন।কেৱল ইমানেই নহয় কংগ্ৰেছৰ আগন্তুক নিৰ্বাচনী তালিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ মতে, কংগ্ৰেছৰ আচল তালিকাখন ‘ইনক্লুচিভ মাইণ্ড‘ নামৰ সংস্থাটোৱেহে প্ৰস্তুত কৰিছে। সক্ষম মাৰুৱা আৰু সুনীল কানেগুলাৰ দৰে ব্যক্তিয়ে টিকট বিতৰণৰ নামত কোটি কোটি টকাৰ লেনদেন কৰিছে বুলি তেওঁ দাবী কৰে। বিশেষকৈ সংখ্যালঘু আসনবোৰত বৃহৎ ধনৰ লেনদেন হোৱাৰ বাবে টিকট দিয়াৰ দিনা কংগ্ৰেছত গণ্ডগোল হোৱাটো নিশ্চিত বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।Also Read...ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰৰাজ্যৰ আগশাৰীৰ বিৰোধী নেতাসকলৰ ভৱিষ্যৎ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰি কয় যে ২০২৯ চনৰ পূৰ্বেই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এশ শতাংশই বিজেপিত যোগদান কৰিব। বিধানসভা নিৰ্বাচনৰ পিছতেই দেবব্ৰত শইকীয়াৰ মাতৃৰ লগত কথা পাতি শইকীয়াক বিজেপিত যোগদান কৰাব বুলিও মন্তব্য কৰে। আনহাতে, ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছলৈ যোৱাৰ ফলত এক “ট্ৰেজেদি”ৰ চিকাৰ হ’ল বুলি তেওঁ কটাক্ষ কৰে। বিৰোধী দলটো কেৱল ৰকিবুল হুছেইন, নুৰুল হুদা আৰু অখিল গগৈৰ দৰে একাংশ নেতাৰ হাতত থাকিব বুলিও তেওঁ উল্লেখ কৰে। ধুবুৰীত সাংসদ ৰকিবুল হুছেইনে ১০ লাখ ভোট পোৱাটো কোনো বিশেষ কৃতিত্ব নহয় বুলিও তেওঁ সমালোচনা কৰে।AdvertismentAdvertisment Read the Next Article