Assameseকংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰকংগ্ৰেছক আক্ৰমণ AIUDFত যোগ দিয়া ৰেজাউল কৰিম সৰকাৰৰ। ‘সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল‘। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক’ব নোৱাৰে’।Mrinmoy Talukdar Feb 18, 2026 15:32 ISTকংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰকংগ্ৰেছক আক্ৰমণ AIUDFত যোগ দিয়া ৰেজাউল কৰিম সৰকাৰৰ। ‘সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল‘। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক’ব নোৱাৰে’।AdvertismentRead More- ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ'কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক’ব নোৱাৰে। কংগ্ৰেছত এজন বিধায়ক আছে যিজনে বহি বহি কেৱল মাত্ৰ পত্ৰই লিখে। এদিনতে কিয় কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছিল ৰেজাউল কৰিম সৰকাৰে? AIUDFত যোগদান কৰিয়েই মুখ খুলিলে ৰেজাউলে। Read More- বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!অৱশেষত অনুষ্ঠানিকভাৱে AIUDFত যোগদান কৰিলে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। বদৰুদ্দিন আজমলৰ উপস্থিতিত AIUDFত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ হুংকাৰ। সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজন কংগ্ৰেছ নেতাই কৈছিল ৰেজাউল কৰিমক মই চিনি নাপাওঁ। ২০ বছৰ ধৰি সংখ্যালঘু ৰাইজৰ বাবে মই সংগ্ৰাম কৰি আছো। আনহাতে সংখ্যালঘুৰ একমাত্ৰ ছাত্ৰ সংগঠন আমছুৰ মই প্ৰাক্তন সভাপতি। গতিকে মোৰ নিচিনা এজন সংগ্ৰামী লোকক যদি এজন সাংসদে চিনি নাপাও বুলি কয় ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে? এনেকুৱা ধৰণৰ মন্তব্যৰে সাংসদজনে মোক তুচ্ছ-তাচ্ছিল্য কৰিছিল। যাৰ বাবে মই কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিলো। Read More- নাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়েআৰু কংগ্ৰেছত এনেকুৱা বিধায়ক আছে যিজনে কেৱল মাত্ৰ পত্ৰই লিখে। মই কাৰো নাম নকওঁ কিন্তু তেওঁ কেৱল মাত্ৰ পত্ৰই লিখে। মোৰ নিচিনা সাধাৰণ লৰা এজনৰ বিৰুদ্ধেও তেওঁ ৪ পৃষ্ঠাজোৰা এখন পত্ৰ লিখিছে। আৰু এই কথাবোৰেই মোক আঘাত কৰিছে।AdvertismentAdvertisment Read the Next Article