Assameseভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ'ভূপেন বৰাই বিজেপিত কি সন্মান পাব, সেয়া নাজানো। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপিলৈ নাযাওঁ বুলি কৈছিল ভূপেন বৰাই। যিহেতু বিজেপিলৈ গ'লেই এতিয়া একে মঞ্চত ২ ককাই-ভাই ভালে থাকক'।Mrinmoy Talukdar Feb 18, 2026 15:12 ISTFile Photoভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ'ভূপেন বৰাই বিজেপিত কি সন্মান পাব, সেয়া নাজানো। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপিলৈ নাযাওঁ বুলি কৈছিল ভূপেন বৰাই। যিহেতু বিজেপিলৈ গ'লেই এতিয়া একে মঞ্চত ২ ককাই-ভাই ভালে থাকক'। ভূপেন বৰাৰ বিজেপিমুখী হোৱাৰ পিছত গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া। AdvertismentRead More- বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!শীঘ্ৰেই বিজেপিত যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ বিজেপি গমন চূডান্ত হোৱাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। Read More- ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰীগৌৰৱ গগৈৰ মন্তব্য, ‘বিজেপি দললৈ গৈ বহু ৰাজনীতিবিদ নোহোৱা হৈ গ’ল। সেয়া লাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই নহওক কিয়। ভূপেন বৰাৰো স্থিতি একে হ'বলৈ গৈ আছে। ভূপেন বৰাই বিজেপিত কি সন্মান পাব, সেয়া আমি নাজানো। Read More-নাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়েকিছুদিন পূৰ্বে ‘মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপি নাযাওঁ বুলি কৈছিল ভূপেন বৰাই। যিজন ব্যক্তিয়ে মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নাম লৈ বিজেপি নাযাওঁ বুলি কৈ কংগ্ৰেছ ত্যাগৰ পাছদিনাই বিজেপিলৈ গ'ল তেওঁৰ কথাৰ গ্ৰহণযোগ্যতা কিমান সেয়া অসমৰ ৰাইজে এতিয়া বুজি উঠিছে। দুদিন পূৰ্বে নাৰীক অপমান কৰা বুলি অভিযোগ উঠা ভূপেন বৰা এতিয়া মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা। মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছো আপুনি হিন্দু নেতাৰ চাৰ্টিফিকেট দিয়াৰ প্ৰক্ৰিয়াটো বন্ধ কৰক। যিজন নেতাৰ বিৰুদ্ধে আপুনি নাৰীক অপমান কৰাৰ অভিযোগ আনিছিল সেইজনেই এতিয়া আপোনাৰ বাবে এতিয়া হিন্দু নেতা। গতিকে মোৰ অনুৰোধ ভূপেন বৰা আৰু হিমন্ত বিশ্ব শৰ্মালৈ যে আপোনালোক ২ ককাই-ভাই একে মঞ্চত ভালে থাকক।Read More- ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?AdvertismentAdvertisment Read the Next Article