Advertisment

বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!

কংগ্ৰেছ দলত নথকাটো প্ৰায় নিশ্চিত নেকি ভূপেন বৰাৰ? কংগ্ৰেছ নেতৃত্ব উপস্থিত থকা অৱস্থাতে ঘৰৰ পৰা খঙত ওলাই গ’ল ভূপেন বৰা। ঘৰত প্ৰৱেশ কৰি কি দেখিলে অখিল গগৈয়ে?

 File Photo
File Photo

বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!
 

কংগ্ৰেছ দলত নথকাটো প্ৰায় নিশ্চিত নেকি ভূপেন বৰাৰ? কংগ্ৰেছ নেতৃত্ব উপস্থিত থকা অৱস্থাতে ঘৰৰ পৰা খঙত ওলাই গ’ল ভূপেন বৰা। ঘৰত প্ৰৱেশ কৰি কি দেখিলে অখিল গগৈয়ে?

Advertisment

Read More- ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?

দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিনীয়া মতানৈক্য আৰু অসন্তুষ্টিৰ অন্তত আজি কংগ্ৰেছ ত্যাগ কৰিলে ভূপেন বৰাই। স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে বুলি উল্লেখ কৰি হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ। সমান্তৰালভাৱে বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে বৰাই।

Read More- নাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়ে

ভূপেন বৰাৰ দলত্যাগ কংগ্ৰেছৰ বাবে এক ডাঙৰ ৰাজনৈতিক ভূমিকম্প। কাৰণ কিছুদিন আগলৈকে অসম কংগ্ৰেছক সম্মুখৰ পৰা নেতৃত্ব দিছিল ভূপেন বৰাই। আনহাতে ৰাজ্যত বিজেপি বিৰোধী ঐক্যমঞ্চ গঠনৰ মূল মানুহজনেই আছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা।

Read More- ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰী

সেয়ে ভূপেন বৰাৰ পদত্য়াগৰ পাছতেই বৰাৰ ঘৰলৈ দৌৰিছে AICCৰ নেতৃত্বকে ধৰি অসম কংগ্ৰেছৰ নেতৃত্ব। আটাইয়ে ভূপেন বৰাক বুজাবলৈ চেষ্টা কৰিছে যদিও ভূপেন বৰা বৰ্তমান পৰ্যন্ত নিজৰ স্থিতিত আঁকোৰগোজ। আনহাতে ভূপেন বৰাৰ বাসগৃহত বাহৰ পাতিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও। অখিল গগৈৰ স্পষ্ট কথা-কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিওঁ । ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু আমাৰ লগতে থাকিব। ভূপেন বৰা আৰু মোৰ সম্পৰ্ক ককাই-ভাইৰ নিচিনা। প্ৰয়োজনত ভূপেন বৰাৰ ঘৰত থাকি মই পহৰা দিম। লাগিলে ভূপেন বৰাক কান্ধত লৈ ফুৰিম। আৰু তাৰ পাছতো যদি সছাকৈয়ে ভূপেন বৰাই কংগ্ৰেছত থাকিব নিবিচাৰে তেনেহলে তেওঁৰক ৰাইজৰ দললৈ লৈ আহিম। প্ৰয়োজনত মই ভূপেন বৰাক দিম ৰাইজৰ দলৰ সভাপতিৰ পদ ।

Read More- কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱাল

পুৱাৰে পৰা ভূপেন বৰাৰ বাসগৃহত আছে AICCৰ নেতৃত্বকে ধৰি অসম কংগ্ৰেছৰ নেতৃত্ব। কিন্তু কিছু মুহুৰ্তৰ পূৰ্বে অহা খবৰ অনুসৰি কংগ্ৰেছ নেতৃত্ব উপস্থিত থকা অৱস্থাতে ঘৰৰ পৰা খঙত ওলাই গ’ল ভূপেন বৰা। কিয় আৰু কি কাৰণত হঠাতেই ভূপেন বৰা এনেদৰে ঘৰৰ পৰা ওলাই গ'ল এয়া এক ৰহস্য। তাৰ পাছতেই এতিয়া চৰ্চা চলিছে- কংগ্ৰেছ দলত নথকাটো প্ৰায় নিশ্চিত নেকি ভূপেন বৰাৰ?

Read More- মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ

আনহাতে ভূপেন বৰাই কংগ্ৰেছ নেতৃত্বক এৰি হঠাতেই ঘৰৰ পৰা ওলাই যোৱা বিষয়টোক একেবাৰে সহজভাৱে লৈছে অখিল গগৈয়ে। অখিল গগৈয়ে পুনৰ ক'লে- 'ভূপেন বৰা বিজেপিলৈ নাযায়। আৰু যদি ভূপেন বৰাই বিজেপিলৈ যায় মই নিজে তেখেতক বাধা দিম। আৰু ভূপেন বৰা হৈছে ধৰ্মনিৰপেক্ষ মানুহ। গতিকে তেখেতে বিজেপিৰ নিচিনা সাম্প্ৰদায়িক দল এটালৈ গৈ কি কৰিব। মই কৈছো ভূপেন বৰা কংগ্ৰেছতে থাকিব। কিন্তু পূৱাৰে পৰা মানুহজন অলপ টেনশ্বনত আছে সেয়ে অলপ বিশ্ৰাম লবলৈ নিজৰ ভনীয়েকৰ ঘৰলৈ ওলাই গৈছে।

Advertisment
Advertisment