Assameseনাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়েভূপেন বৰা আমাৰ লগতে থাকিব, বিজেপিলৈ যাব নিদিওঁ। প্ৰয়োজনত ভূপেন বৰাৰ ঘৰত থাকি মই পহৰা দিম, লাগিলে ভূপেন বৰাক মই কান্ধত লৈ ফুৰিম। ইয়াৰ পাছতো কংগ্ৰেছত থাকিব নিবিচাৰিলে ভূপেন বৰাক ৰাইজৰ দললৈ লৈ আহিম- অখিল গগৈ। Mrinmoy Talukdar Feb 16, 2026 18:26 ISTFile Photoনাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়েভূপেন বৰা আমাৰ লগতে থাকিব, বিজেপিলৈ যাব নিদিওঁ। প্ৰয়োজনত ভূপেন বৰাৰ ঘৰত থাকি মই পহৰা দিম, লাগিলে ভূপেন বৰাক মই কান্ধত লৈ ফুৰিম। ইয়াৰ পাছতো কংগ্ৰেছত থাকিব নিবিচাৰিলে ভূপেন বৰাক ৰাইজৰ দললৈ লৈ আহিম- অখিল গগৈ। AdvertismentRead More- ভূপেন বৰাক লাগে সময়, সলনি কৰিব নেকি সিদ্ধান্ত?‘অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ নিচিনা মিছলীয়া মানুহৰ পাল্লাত নপৰিব । প্ৰয়োজনত মই ভূপেন বৰাক দিম ৰাইজৰ দলৰ সভাপতিৰ পদ’। ভূপেন বৰাৰ বাসগৃহলৈ গৈ অখিল গগৈৰ মন্তব্য।Read More- কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱালপুৱাৰে পৰা ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত খবৰ- ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ হৈছে একপ্ৰকাৰ অসমত ৰাজনৈতিক ভূমিকম্প। স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে বুলি আৰু অসম কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। Read More- মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰকংগ্ৰেছ ত্যাগ কৰিয়েই সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কৈছিল- ‘মই যি ভাবিছো, যি কৰিছো সকলো সংবাদ মাধ্যমক জনাইছো। মই লুকুৱাই-চুৰি কৰি দল ত্যাগ কৰা নাই। দলৰ ভৱিষ্যতক লৈ চিন্তিত হৈহে মই এই সিদ্ধান্ত লৈছো। আৰু পুৱা ৮ বজাত কেন্দ্ৰীয় নেতৃত্বলৈ সবিস্তাৰে সকলো কথা উল্লেখ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো। লগতে ভূপেন বৰাই ক'লে- মই ৰাজনীতিৰ পৰা সন্ন্যাস লোৱা নাই। যেতিয়াই অন্য দলত যোগদানৰ চিন্তা-চৰ্চা কৰিম আপোনালোকক আগতীয়াকৈ জনাম’।AdvertismentRead More- মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰভূপেন বৰাৰ দলত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ অখিল গগৈয়ে ক'লে- 'ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু আমাৰ লগতে থাকিব। ভূপেন বৰাক আমি বিজেপিলৈ যাব নিদিও। দলীয় কিছু কথাক লৈ তেওঁ অলপ অসন্তুষ্ট। কিন্তু ভূপেন বৰা আৰু মোৰ সম্পৰ্ক ককাই-ভাইৰ নিচিনা। গতিকে মই ভূপেন বৰাক বিজেপিলৈ যাব নিদিও। প্ৰয়োজনত ভূপেন বৰাৰ ঘৰত থাকি মই পহৰা দিম। লাগিলে ভূপেন বৰাক কান্ধত লৈ ফুৰিম। আৰু তাৰ পাছতো যদি সছাকৈয়ে ভূপেন বৰাই কংগ্ৰেছত থাকিব নিবিচাৰে তেনেহলে তেওঁ ৰাইজৰ দললৈ লৈ আহিম। প্ৰয়োজনত মই ভূপেন বৰাক দিম ৰাইজৰ দলৰ সভাপতিৰ পদ '। ভূপেন বৰাক লৈ এই মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। Read More AdvertismentAdvertisment Read the Next Article