Advertisment

কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱাল

'কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰ, বিভাজনমুখী ৰাজনীতিৰ বাবে পিছ পৰি আছিল অসম। এসময়ত অশান্ত অঞ্চল হিচাপে জনাজাত আছিল অসম তথা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল। কংগ্রেছৰ শাসন কালত অসমলৈ বাহিৰৰ পৰা মানুহ আহিবলৈয়ে ভয় কৰিছিল।

 File Photo
File Photo

কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱাল

'কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰ, বিভাজনমুখী ৰাজনীতিৰ বাবে পিছ পৰি আছিল অসম। এসময়ত অশান্ত অঞ্চল হিচাপে জনাজাত আছিল অসম তথা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল। কংগ্রেছৰ শাসন কালত অসমলৈ বাহিৰৰ পৰা মানুহ আহিবলৈয়ে ভয় কৰিছিল। একপ্ৰকাৰ উত্তৰ–পূবৰ জাতি–জনগোষ্ঠী, ভাষা–সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিছিল কংগ্ৰেছে। খানাপাৰাৰ বুথ সন্মিলনত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ।

Advertisment

Read More- মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ

এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে অসমৰ ইতিহাসত সংযোজন হ'ল অন্য এক অধ্যায়। মৰাণৰ জটিয়নীৰ এচোৱা ৰাজপথ ELF হিচাপে নিৰ্মাণ কৰা হৈছে। যাৰ দ্বাৰা এতিয়াৰে পৰা অসমৰ ৰাজপথত নামিব পাৰিব যুদ্ধবিমান। ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ELFত উৰণ, অৱতৰণ কৰিব ৰাফেল, ছুখই আদি যুঁজাৰু বিমানে।

Read More- মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতে অন্ত পৰিল গুৱাহাটীৰ দীৰ্ঘদিনীয়া অপেক্ষা। আজি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বহু প্ৰতীক্ষিত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত দলং। বহু ঘাত-প্ৰতিঘাতৰ অন্তত নিৰ্মাণ সম্পন্ন হৈছিল দলঙখনৰ। ইয়াৰ পাছতেই লাচিতঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে IIMৰ অস্থায়ী চৌহদ। লগতে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটীৰ বাবে ১০০খন ই-বাছ।

Read More- বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

ইয়াৰ পাছতেই খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দলীয় সভা। বুথ পৰ্যায়ৰ কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সভাত উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ভাষণ প্ৰসংগতে সোণোৱালে টাৰ্গেট কৰি লয় কংগ্ৰেছক। সোণোৱালে কয়- 'পূৰ্বতে এইখন অসম অশান্ত অসম হিচাপে জনাজাত আছিল। কংগ্রেছৰ শাসন কালত অসমলৈ বাহিৰৰ পৰা মানুহে আহিবলৈ ভয় কৰিছিল। কংগ্রেছে দুৰ্নীতি–ভ্রষ্টাচাৰ, বিভাজনমুখী তথা নিস্কৃতি ৰাজনীতিৰ জৰিয়তে অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি অসমখন দুৰ্বল কৰি পেলাইছিল। এই কংগ্ৰেছেই অসমৰ জাতি, মাটি, ভেটি, ভাষা–সংস্কৃতি সকলো সংকটৰ মুখলৈ ঠেলি দিছিল। কাৰণ কংগ্ৰেছ দলটোৱে জন্মলগ্নৰে পৰা অবৈধ বিদেশীক প্ৰধান্য দি আহিছে। অসমতো কংগ্ৰেছে অবৈধ বিদেশীক নিৰাপত্তা দিবৰ বাবে ১৯৮৩ চনত IMDT আইনখন অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছিল। কংগ্ৰেছৰ লক্ষ্য আছিল অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰা। অসমৰ মাটি-ভেটি গতাই দি এই অবৈধ বিদেশীসকলক নিগাজিকৈ থকাৰ ব্যৱস্থা কৰি দিয়া। ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কংগ্ৰেছ দলে ঘৃণণীয় ৰাজনীতিত লিপ্ত হৈছিল। সম্পূৰ্ণৰূপে কংগ্ৰেছ দলটোৱে দেশবিৰোধী কাম কৰিছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত অসমত বসবাস কৰা প্ৰতিগৰাকী বৈধ ভাৰতীয় লোক সম্পূৰ্ণৰূপে সুৰক্ষিত'।

Read More- কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী

Advertisment
Advertisment