Advertisment

বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে তললৈ গৈছে বিজেপি। খোদ বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভৱনত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ।

 File Photo
File Photo

 
বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে তললৈ গৈছে বিজেপি। খোদ বিজেপি নেতাই এই কথা আলোচনা কৰিছে বাজপেয়ী ভৱনত। হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰোৱা নাযায় তেনেহলে বিজেপি দলটো একেবাৰে শেষ হৈ যাব । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ।

Read More- কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী

ৰাজ্যজুৰি চলিছে কংগ্ৰেছৰ ‘পৰিৱৰ্তনৰ বাবে এক যাত্ৰা ৰেলী’। এফালে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা আনফালে দেওবাৰৰ দিনটোত গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুচৰ্চিত সংবাদমেল। এই সংবাদমেলতেই মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য। সংবাদমেলতেই হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল গৌৰৱ গগৈ, পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈ আৰু আলী তৌকীৰ শ্বেখক লৈ বহু বিস্ফোৰক তথ্যও। লগতে মুখ্যমন্ত্ৰীয়ে কৈছিল- 'অসমৰ সাংসদৰ পাকিস্তানৰে সংযোগৰ বিষয়ে ক’বলগীয়া হোৱাটো বেদনাদায়ক'। ইয়াৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগও আনিছিল মুখ্য়মন্ত্ৰীয়ে। 

Read More- 'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ গগৈয়ে কৈছিল- ‘ফ্লপ নহয় ছুপাৰ ফ্লপ হ’ল মুখ্যমন্ত্ৰীৰ সংবাদমেল। এখন ফ্লপ চিনেমা মানুহৰ মাজত এৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। গতিকে এতিয়াৰে পৰা অসমৰ ৰাইজৰ বিবেকক সন্মান কৰিব শিকক হিমন্ত বিশ্ব শৰ্মাই। আৰু মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ’। 

Read More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ এই সংবাদমেলৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ- 'গাদীখনৰ বাবে কিয় ইমান তললৈ গৈছে হিমন্ত বিশ্ব শৰ্মা? লগতে সাংসদগৰাকীয়ে ক'লে- হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ যিবোৰ কথা কৈ আছে এই কথাবোৰৰ এতিয়া খোদ হিমন্ত বিশ্ব লগত থকা মানুহেই বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া বহু তললৈ গুচি গ'ল  বিজেপি। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এতিয়া এনেকুৱা ধৰণৰো কথা চলিছে যে যদি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰোৱা নহয় তেনেহলে বিজেপি দলটো একেবাৰে শেষ হৈ যাব'।

Advertisment
Advertisment