Advertisment

'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-

'শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিলে এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'।' কাৰণ অসমীয়া ৰাইজৰ মনৰ পৰা ইতিমধ্যেই আতৰি গৈছে অখিল গগৈ'। অখিল গগৈক লগ পালে কি পৰামৰ্শ দিব মুখ্যমন্ত্ৰীয়ে?

 File Photo
File Photo

'এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'। কিয় ক'লে মুখ্যমন্ত্ৰীয়ে-

'শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিলে এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম'।' কাৰণ অসমীয়া ৰাইজৰ মনৰ পৰা ইতিমধ্যেই আতৰি গৈছে অখিল গগৈ'। অখিল গগৈক লগ পালে কি পৰামৰ্শ দিব মুখ্যমন্ত্ৰীয়ে?

Advertisment

Read More- বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

'২৬ৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি পাইছে নেতাৰ মাজত মুখচুপতি। এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। কোনো যে কম নহয়। 

Read More- ‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱন চৌহদত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

প্ৰথমে অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান- 'দম আছে যদি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰলৈ আহি মোৰ বিৰুদ্ধে নিৰ্বাচন খেলক। মই থিয়ৈ থিয়ৈ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাই দিম'। তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ- 'মই শিৱসাগৰলৈ নিৰ্বাচন খেলিবলৈ কিয় আহিব লাগে? অখিল গগৈক হৰুৱাবলৈ শিৱসাগৰত আমাৰ বিজেপি দলৰ ৪-৫ জন কাৰ্যকৰ্তা আছে'। 

Read More- ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

এনেদৰে চলি আছিল দুই নেতাৰ মাজত বাকযুদ্ধ তথা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতি। তাৰ মাজতেই কালি বাজপেয়ী ভৱনৰ পৰাই অখিল গগৈক কেইবাটাও পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈৰ পৰামৰ্শ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে- 'মই শিৱসাগৰলৈ যাওতে অখিল গগৈ মোৰ লগত আছিল। কিন্তু শিৱসাগৰৰ ৰাইজে অখিল গগৈক যিদৰে সম্বোধন কৰিলে তাৰ পৰা মোৰ এনেকুৱা লগিল যে, অসমীয়া ৰাইজৰ মনৰ পৰা ইতিমধ্যে অখিল গগৈ বহু দূৰলৈ আতৰি গৈছে'। মই অখিল গগৈক পৰামৰ্শ দিম যে- 'অখিল গগৈয়ে যদি নিৰ্বাচন খেলিব বিচাৰে তেনেহলে তেও এনেকুৱা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লাগিব যৰ মানুহে তেওঁক পৰঠা, বিৰিয়ানী বনাই খুৱাব পাৰে। তাৰ বাহিৰে বেলেগ সমষ্টিত যে অখিল গগৈ জিকিব পাৰিব মোৰ সন্দেহ আছে। শিৱসাগৰৰ ৰাইজে অখিল গগৈৰ কথা-বতৰাবোৰ সহজভাৱে লোৱা নাই যেন লাগে। গতিকে মই অখিল গগৈক লগ পালে পৰামৰ্শ দিম যে তেওঁ নামনি অসমৰ এনেকুৱা এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলক যি সমষ্টিৰ মানুহে তেওঁক ভাল পায়। অন্যথা এইবাৰ বিধানসভাত আমি অখিল গগৈক মিছ কৰিম।

Advertisment
Advertisment