Assamese‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!‘কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলিব। দল বান্ধি টিকট খোজা কালচাৰ বিজেপিত নচলে। মই জেদী মানুহ, আপোনালোকে যি কয় তাৰ ওলোটা কৰিম’। বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Mrinmoy Talukdar Feb 06, 2026 19:41 ISTFile Photo‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!Advertisment‘কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলিব। দল বান্ধি টিকট খোজা কালচাৰ বিজেপিত নচলে। মই জেদী মানুহ, আপোনালোকে যি কয় তাৰ ওলোটা কৰিম’। বিলাসীপাৰাৰ পৰা টিকট বিচাৰি অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। Read More- অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ খঙত অগ্নিশৰ্মা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টিকট বিচাৰি অহা প্ৰাৰ্থিত্ব প্ৰত্যাশীক ধমক দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য টিকট বিচাৰি বাজপেয়ী ভৱনত ভিৰ নকৰিব। কাৰণ বাজপেয়ী ভৱনত কংগ্ৰেছী কালছাৰ নচলে। Read More- '২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলতেই ভিৰ কৰিছে টিকট প্ৰত্যাশীয়ে। সকলো টিকট প্ৰত্যাশীয়ে উঠি পৰি লাগিছে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাত। কিন্তু তাৰ মাজতেই বৃহস্পতিবাৰে বাজপেয়ী ভৱনত টিকট প্ৰত্যাশীক দেখি খঙত অগ্নিশৰ্মা হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। Read More- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশটিকট প্ৰত্যাশীক ধমক দি মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- 'মই জেদী মানুহ। আপোনালোকে যি কয়, মই সম্পূৰ্ণ ওলোটা কৰিম। টিকট বিচাৰি বাজপেয়ী ভৱনত ভিৰ নকৰিব। আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব। কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নচলে। গতিকে গ্ৰুপ বান্ধি টিকট খুজিবলৈ অহা কালচাৰ বিজেপিত নচলিব। যিয়ে বাজপেয়ী ভৱনত টিকট বিচাৰি আহিব তাৰেই টিকট কাটিম’। বিলাসীপাৰাৰ পৰা অহা একাংশ টিকট প্ৰত্যাশীক এই সতৰ্কবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Read More- অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰীAdvertismentAdvertisment Read the Next Article