Advertisment

অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

অৱশেষত একলগ হ’ল ৩ গগৈ। আসন বুজাপৰাৰ নিমিলা অংক কোনোমতে মিলিল। এইপৰ্যন্ত আসনৰ সংখ্যা চূড়ান্ত নহ’লেও মিত্ৰতাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ। 

 File Photo
File Photo

অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

Advertisment

অৱশেষত একলগ হ’ল ৩ গগৈ। আসন বুজাপৰাৰ নিমিলা অংক কোনোমতে মিলিল। এইপৰ্যন্ত আসনৰ সংখ্যা চূড়ান্ত নহ’লেও মিত্ৰতাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ। 

Read More- অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ-অজাপ-ৰাইজৰ দল! একেদিনাই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰে বৈঠক APCCৰ সভাপতি গৌৰৱ গগৈৰ। বৈঠকৰ অন্তত কংগ্ৰেছৰে মিত্ৰতা প্ৰায় চুড়ান্ত বুলি ক’লে ২ গগৈয়ে। খবৰ অনুসৰি ৰাইজৰ দলক ৮ আৰু অজাপক ৯খন আসনৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে। আনহাতে অজাপ-ৰাইজৰ দলে বিচাৰিছে ১৫খনকৈ আসন। কিন্তু প্ৰয়োজনত এৰাধৰা কৰিবলৈ সাজু আছে অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ।

Read More- কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰে মিত্ৰতা আৰু আসন বুজাপৰা সন্দৰ্ভত ৰাইদৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, 'আমি ৰাইজৰ দলে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫ খন আসন বিচাৰিছো। কংগ্ৰেছে আমাক এতিয়ালৈকে ১৫খন আসন এৰি দিয়া নাই। কিন্তু ১৫খনতকৈ অলপ কম আসন দিলেও আমি মিত্ৰতাৰে নিৰ্বাচন খেলিবলৈ সাজু আছো। আসনক লৈ অলপ ইফাল-সিফাল হৈ থাকিলেও আমি মিত্ৰতা চূড়ান্ত কৰিছো। আমি মিত্ৰতাৰে নিৰ্বাচন খেলিমেই। গতিকে যেতিয়া আমি গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈ, অখিল গগৈ, ভুপেন বৰা, দেৱব্ৰত শইকীয়া, মনোৰঞ্জন তালুকদাৰ একেলগে থিয় দিম তেতিয়া হিমন্ত বিশ্ব শৰ্মা উফৰি যাব'। 

Read More- মিঞাৰ ৰেচন কাৰ্ড, MBBS ডিগ্রী বাতিল কৰক, মিঞা খেদিবলৈ ACTION PLAN হিন্দুত্ববাদী নেতাৰ

আনহাতে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। লুৰীণজ্যোতি গগৈয়ে মিত্ৰতা সন্দৰ্ভত কয়, 'দীৰ্ঘদিনৰ পৰাই আমি মিত্ৰতা সন্দৰ্ভত আলোচনা কৰি আহিছো। দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে পুনৰ বৈঠকত মিলিত হ'লো। আৰু গৌৰৱ গগৈৰ সৈতে হোৱা এই বৈঠকখন আছিল যোগাত্মক। মিত্ৰতাক লৈ এতিয়াও আমাৰ মাজত দুই-চাৰিটা কথা পাতিবলগীয়া আছে যদিও এই সকলোবোৰ বিষয় যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িব। গতিকে আমাৰ মিত্ৰতাক লৈ অসমৰ মানুহৰ মনত যিবোৰ শংকা আছিল সেইবোৰো ক্ৰমাত নাইকীয়া হৈছে। গতিকে আমি '২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধভাৱে শক্তিশালীৰূপত আগবাঢ়িম'।  

Read More- সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি

আনহাতে তিনি গগৈৰ মিত্ৰতা আৰু বিৰোধী ঐক্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তিনি গগৈৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে- 'অসমত নহয়, বিৰোধী দলসমূহৰ চৰকাৰ পাকিস্তান নহলে বাংলাদেশতহে আহিব। অসমত আৰু ৫০০ বছৰ পাছতো অখিল গগৈৰ চৰকাৰ নাহে। কেৱল মোক গোৱাল গালি পাৰিবলৈহে তিনি গগৈ একত্ৰিত হৈছে'।

Advertisment
Advertisment