Advertisment

অসমৰ পৰা মিঞা খেদিমেই! হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে

মই অসমৰ পৰা অবৈধ বাংলাদেশী খেদিমেই। হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে। গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলটো মিঞাৰ পিছত পগলা হৈ আছে। পাৰিলে গোটেই পৃথিৱীখনেই মিঞা বনাই দিব কংগ্ৰেছে- কটাক্ষ মুখ্যমন্ত্ৰী।

 File Photo

Read More- SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

সমাগত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত বৃদ্ধি পাইছে শাসক-বিৰোধীৰ মুখচুপতি তথা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ টাৰ্গেট কৰি লৈছে কংগ্ৰেছ দল আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। মিঞা প্ৰসংগৰে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক কটাক্ষ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। 

Read More- কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল

খুমটাইত আজি মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খুমটাইৰ পৰাই গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- কংগ্ৰেছ দলটো মিঞাৰ পিছত পগলা হৈ আছে। তেওলোকে এতিয়া অসমীয়াক পাহৰি গৈছে। মিঞাৰ বাবে পগলা কংগ্ৰেছ অসমীয়াৰ 'অস' টো কাটি দিলে। কংগ্ৰেছে পাৰিলেটো গোটেই পৃথিৱীখনেই মিঞা বনাই দিব। 

Read More- নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওক

কোনোবাই মিঞাৰ বিৰুদ্ধে কিবা এটা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে। কিন্তু অসমীয়াৰ বিৰুদ্ধে কোনোবাই কিবা ক'লেও কিন্তু কংগ্ৰেছ দলটোৰ তেতিয়া মাত নোলাই। মিঞা মানেই অবৈধ অনুপ্ৰৱেশকাৰী। এই অনুপ্ৰৱেশকাৰী সকলক খেদিবলৈ মই সম্পূৰ্ণৰূপে চেষ্টা কৰিছো। আৰু মিঞাৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব। হাজাৰটা গৌৰৱ গগৈ, ৰাহুল গান্ধী আহিলেও মোক ৰখাব নোৱাৰে।

Advertisment
Advertisment