Advertisment

নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওক

সংখ্যালঘু মানুহে শিক্ষাত গুৰুত্ব দিয়ক। নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দিয়ক। সংখ্যালঘু অঞ্চলৰ পৰা ডজনে ডজনে IAS-IPS ওলাওঁক, ডজনে ডজনে ন্যায়াধীশ ওলাওক। ৰাজ্যৰ সংখ্যালঘু সমাজলৈ এই আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। 

 File Photo

Read More- মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

ৰাজ্যৰ মুছলমান সমাজলৈ বিশেষ আহ্বান কংগ্ৰেছৰ নিলম্বিত শ্বেৰমান আলী আহমেদৰ। মুছলমান সমাজক শ্বেৰমান আলী আহমেদে অনুৰোধ জনাই ক'লে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক হাৰাশাস্তি কৰি হিন্দু সকলৰ ভোট একত্ৰিক কৰিব বিচাৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কথাত আপোনালোকে গুৰুত্ব নিদিব। হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক যিমানেই গালি পাৰে সিমানেই আপোনালোকেও সংকল্প লওক যে, আমি আমাৰ ল'ৰা-ছোৱালীক ভালদৰে পঢ়ুৱাম, আমি ভালদৰে ব্যৱসায় বাণিজ্য কৰিম আৰু কোনোধৰণৰ দুৰ্নীতি নকৰো। 

Read More- মহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰ

লগতে সংখ্যালঘু সমাজক আহ্বান জনাই শ্বেৰমান আলী আহমেদে ক'লে- সংখ্যালঘু মানুহে শিক্ষাত গুৰুত্ব দিয়ক, সংখ্যালঘু অঞ্চলৰ পৰা ডজনে ডজনে IAS-IPS ওলাওঁক, ডজনে ডজনে ন্যায়াধীশ ওলাওক। ডজনে ডজনে বিজ্ঞানী ওলাওক, ডজনে ডজনে নবেল প্ৰাইজ আনক, ব্যৱসায় কৰক। লগতে সংখ্যালঘু লোকসকলে নিৰ্বাচনৰ পাছত নেতাৰ পাছত ঘূৰাতো বাদ দিয়ক। নেতাৰ পাছে পাছে ঘূৰি জিন্দাবাদ ধ্বণি দিয়াটো বাদ দিয়ক। লগতে সংখ্যালঘু সকলে দালালী কৰাটো বাদ দিয়ক। এনেদৰে সংখ্যালঘু সমাজলৈ বিশেষ অনুৰোধ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ।

Read More- কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰী

Advertisment
Advertisment