Assameseমহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰ২০ বছৰ পিছত মিঞা বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰি। মিঞাক লৈ পলিটিক্স কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীক বিশেষ আহ্বান বদৰুদ্দিন আজমলৰ।Mrinmoy Talukdar Jan 26, 2026 16:42 ISTFile Photoমহাকাশত গৈ উজলিব মিঞা মুছলমান! মুখ্যমন্ত্ৰীলৈ বাৰ্তা আজমলৰ২০ বছৰ পিছত মিঞা বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰি। মিঞাক লৈ পলিটিক্স কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীক বিশেষ আহ্বান বদৰুদ্দিন আজমলৰ।AdvertismentRead More- মই কেতিয়াও ভবা নাছিলো, মই এনে এখন অসমৰ...। মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণগণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীক বিশেষ আহ্বান AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাই আজমলে ক'লে- গণৰাজ্য দিৱসৰ দিনটোত সাম্প্ৰদায়িক কথা নকও বুলি সংকল্প লওক মুখ্যমন্ত্ৰীয়ে। কাৰণ মুখ্যমন্ত্ৰীৰ ঘৃণামূলক ভাষণ ৰাইজে এতিয়া বেয়া পাই। আৰু ২০ বছৰ পিছত মিঞা বুলি কোনেও আমাক তাচ্ছিল্য কৰিব নোৱাৰিব। সেয়ে মিঞাক লৈ পলিটিক্স কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীয়ে।Read More- কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰীআজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াতো উদযাপন কৰা হয় সংখ্যক গণৰাজ্য দিৱস। খাৰুপেটীয়াৰ আজমল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত পতাকা উত্তোলন কৰে প্ৰাক্তন সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। লগতে আজিৰ এই পবিত্ৰ দিনটোৰ পৰাই সাম্প্ৰদায়িক তথা ঘৃণা বিয়পোৱা মন্তব্য পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ দিয়ে বদৰুদ্দিন আজমলে। আনহাতে ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি থকা উচ্ছেদ সন্দৰ্ভতো মন্তব্য কৰে আজমলে। উচ্ছেদ সন্দৰ্ভত বদৰুদ্দিন আজমলে কয় যে- হিমন্ত বিশ্ব শৰ্মা গাদীৰ পৰা নমালেহে অসমত উচ্ছেদ বন্ধ হ'ব উচ্ছেদ অভিযান। লগতে ভাষণ প্ৰসংগতে উক্ত অনুষ্ঠানত উপস্থিত থকা অভিভাৱক সকলক উদ্দেশ্যি আজমলে কয়, ইৰানৰ মুছলমান ছোৱালী যদি মহাকাশত যাব পাৰে আমাৰ অসমৰ মুছলমান ছোৱালীও যাব পাৰিব মহাকাশলৈ। সেয়ে সকলোকে শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ বিশেষ আহ্বান জনাই আজমলে।Read More- আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়াAdvertismentAdvertisment Read the Next Article