Assameseকংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰীমিঞাময় হৈ পৰিছে কংগ্ৰেছ। ৰাজীৱ ভৱনতো এতিয়া মিঞাৰ উজান উঠিছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ। গতিকে কংগ্ৰেছক পৰাজিত কৰি দেশ আৰু জাতি সুৰক্ষিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।Mrinmoy Talukdar Jan 25, 2026 19:04 ISTFile Photoকংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰীমিঞাময় হৈ পৰিছে কংগ্ৰেছ। ৰাজীৱ ভৱনতো এতিয়া মিঞাৰ উজান উঠিছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ। গতিকে কংগ্ৰেছক পৰাজিত কৰি দেশ আৰু জাতি সুৰক্ষিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।AdvertismentRead More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা'২৬ৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে শাসক-বিৰোধীৰ মাজত বৃদ্ধি পাইছে মুখ চুপতি তথা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতি। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ দলক। কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ময়ো পূৰ্বতে কংগ্ৰেছ দলত আছিলো, কিন্তু কংগ্ৰেছ দলটোৰ পূৰ্বতে এনেকুৱা ধৰণৰ মিঞাপ্ৰেম কেতিয়াও নাছিল। কংগ্ৰেছত এতিয়া টিকটৰ বাবে আবেদনকাৰী সকলৰ ভিতৰত ৬০০ গৰাকীয়েই মিঞা। গতিকে যদি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে ৰাজধানীখন মিঞাই দখল কৰিব। সেয়ে অসমৰ ৰাইজক কংগ্ৰেছ দলক বিদায় দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰীআনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি AIUDF প্ৰধান বদৰুদ্দিন আজমলে কৈছিল- 'মুখ্যমন্ত্ৰীয়ে মিঞা মিঞা কৰি থাকোতেই মিঞা এদিন শাসনত বহিব। মিঞাৰ একো ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমানৰ বিপদ নাহে। মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰি মৌলানা বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য- এজনো মিঞাই ভোট দিব নালাগে বিজেপিক। মিঞাই যদি বিজেপিক ভোট দিয়ে তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। Read More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰAIUDF প্ৰধান বদৰউদ্দিন আজমলে কৰা মন্তব্যৰ পাছতেই পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আজমলক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে- 'মইতো কৈয়ে আছো অসমখন মিঞাই দখল কৰিব। আজমলে কোৱা কথাটো সঁচা কথা, তেওঁলোকে ভাবি থকা কথাটো আজি আজমলৰ মুখৰে উলাই গল। তেওঁলোকে বিছাৰি আছে মিঞাৰ চৰকাৰ বনাবলে। গতিকে অসমীয়া মানুহ সজাগ হ'বৰ হল। অসমীয়া সজাগ নহলে দিছপুৰ মিঞাই দখল কৰিব। সেয়ে অসমীয়া মানুহে শিক্ষা লব লাগে যাতে অসমখন আমি মিঞাৰ পৰা বচাব পাৰো'।AdvertismentAdvertisment Read the Next Article