Assameseকি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাসাধাৰণ জনতাৰ বাবে এতিয়া মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে AI ভিডিঅ'। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো AI-এ এক নিজস্ব স্থান দখল কৰিছে। কি শাসক, কি বিৰোধী সকলোৰে মাজত যেন AI ভিডিঅ'ৰ এক অঘোষিত প্ৰতিযোগিতা। Mrinmoy Talukdar Jan 19, 2026 21:40 ISTFile Photoকি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাবৰ্তমান ইণ্টাৰনেটৰ যুগ। ইণ্টাৰনেটৰ যুগত অসাধ্য বুলিবলৈ একো নাই। বৰ্তমান সময়ত সকলো সম্ভৱ। তাৰেই জ্বলন্ত উদাহৰণ AI । AdvertismentRead More- জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদকArtificial Intelligence চমুকৈ AI । বৰ্তমান জনপ্ৰিয়তাই শিখৰ চুৱা AI তথা কৃত্ৰিম বুদ্ধিমত্তাক সকলোৱে আকোৱালি লৈছে। একপ্ৰকাৰ সাধাৰণ জনতাৰ বাবে এতিয়া মনোৰঞ্জনৰ অন্যতম আহিলা হৈ পৰিছে AI ভিডিঅ'। সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰখনতো AI-এ এক নিজস্ব স্থান দখল কৰিছে। কি শাসক, কি বিৰোধী সকলোৰে মাজত যেন AI ভিডিঅ'ৰ এক অঘোষিত প্ৰতিযোগিতা। Read More- 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰীসমগ্ৰ দেশৰ লগতে অসমতো এতিয়া AIৰ জ্বৰ দেখিবলৈ পোৱা গৈছে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত শাসক- বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখিবলৈ পোৱা গৈছে AI ভিডিঅ'ৰ ব্যাপক প্ৰয়োগ। কি কংগ্ৰেছ, কি বিজেপি কোনো কম নহয়। পূৰ্বে ৰাজনৈতিক নেতাৰ মাজত দেখিবলৈ পোৱা গৈছিল মুখ-চুপতি। কিন্তু এতিয়া মুখ-চুপতিৰ সমানেই ৰাজনৈতিক দলবোৰে AI তথা কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে এটা দলে আনটো দলৰ ব্যৰ্থতা উদঙোৱাও দেখিবলৈ পোৱা গৈছে। Read More- শিখা শৰ্মাক গ্ৰেপ্তাৰসমাগত অসম বিধানসভাৰ নিৰ্বাচন। বিধানসভা নিৰ্বাচনলৈ আৰু মাজত প্ৰায় দুটা মাহ বাকী। দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনলৈ ককালত টঙালি বান্ধি সাজু হৈছে। এইবাৰ অসমৰ ৰাজনীতিতো দেখিবলৈ পোৱা গৈছে AIৰ ব্যাপক প্ৰয়োগ। কেতিয়াবা যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা আকৌ টাৰ্গেট হয় অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কেতিয়াবা যদি শাসকীয় দলৰ কোনো নেতা, মন্ত্ৰী তথা বিধায়ক কেতিয়াবা আকৌ বিৰোধীৰ নেতা তথা বিধায়ক। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আগন্তুক দিনসমুহত সমগ্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত AIৰ বিশেষ দখল থাকিব। Read More- কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰকিন্ত পূৰ্বতে উল্লেখ কৰাৰ দৰে AI এতিয়া সাধাৰণ জনতাৰ বাবে মনোৰঞ্জনৰো অন্যতম আহিলা হৈ পৰিছে। বৰ্তমান সময়ত সামাজিক মাধ্যমত কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' দেখিবলৈ পোৱা যায় যিবোৰ দেখাৰ পাছত আপুনি বা মই নহহাকৈ থাকিব নোৱাৰো। মনোৰঞ্জনৰ এক আহিলা হিচাপেও AI-এ এক সুকীয়া স্থান দখল কৰিছে। ভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিভিন্ন নেতা, মন্ত্ৰী, সাংসদ তথা বিধায়কৰ এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' দেখিবলৈ পোৱা যায়, যিবোৰ ভিডিঅ'ই সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক যথেষ্ট আমোদ দিয়ে। কেতিয়াবা যদি মুখ্যমন্ত্ৰীয়ে হিন্দী গানৰ তালে তালে নাচিছে কেতিয়াবা আকৌ বিৰোধী নেতাসকলে বুলডজাৰৰ সম্মুখেৰে নিজক বচাবলৈ দৌৰিছে। মূলত এনেকুৱা ধৰণৰ AI ভিডিঅ'বোৰে দৰ্শকক এক অনন্য আমোদ দিয়ে। Read More- 'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰAI-এ ৰাজনৈতিক ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিছে। ইয়াৰ দ্বাৰা কন্টেন্ট উৎপাদন বৃদ্ধি পাইছে, আনহাতে ডিজিটেল মাধ্যমত AI ভিডিঅ'ৰ সম্প্ৰচাৰো দ্ৰুতগতিত বৃদ্ধি হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া সৰল কৰি অধিক কাৰ্যক্ষম কৰি তোলাত AI-এ উল্লেখযোগ্য ভূমিকা পালন কৰে। নিৰ্বাচনী প্ৰচাৰত AI ব্যৱহাৰ কৰাৰ এটা প্ৰধান সুবিধা হ’ল ইয়াৰ ফলত খৰচ আৰু সময় বহু পৰিমাণে হ্ৰাস পাব, সময় ৰাহি হ’ব আৰু উৎপাদনশীলতা বৃদ্ধি পাব।AdvertismentAdvertisment Read the Next Article