Assameseজাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদক'উজনিৰ কোনো প্ৰান্তকে ধুবুৰী বনাবলৈ দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰেজাউল কৰিম সৰকাৰক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ সাহস দিছিল। এটা সম্প্ৰদায়ক সকলো সময়তে সন্তুষ্ট কৰিবলৈ গৈ কংগ্ৰেছে জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে। Mrinmoy Talukdar Jan 18, 2026 22:06 ISTFile Photoজাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে কংগ্ৰেছে! গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদক 'উজনিৰ কোনো প্ৰান্তকে ধুবুৰী বনাবলৈ দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৰেজাউল কৰিম সৰকাৰক শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ সাহস দিছিল। এটা সম্প্ৰদায়ক সকলো সময়তে সন্তুষ্ট কৰিবলৈ গৈ কংগ্ৰেছে জাতিটোক বিপদৰ মুখলৈ ঠেলি দিছে। গৰজি উঠিল আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন। AdvertismentRead More- গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...কেইদিনমান পূৰ্বে কংগ্ৰেছক যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী বনোৱাৰ হুংকাৰ দিছিল আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। ৰেজাউল কৰিম সৰকাৰৰ এই মন্তব্যৰ পাছতেই বিশেষকৈ উজনি অসমত ভিন্ন দল সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৰ্থাত কংগ্ৰেছত যোগদানৰ পিছতেই বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন। অৱশেষত জ্যেষ্ঠ কংগ্ৰেছী নেতাই ৰেজাউলক বিজেপিৰ এজেণ্ট সজোৱাত দুখ প্ৰকাশ কৰি কংগ্ৰেছ ত্যাগ কৰিছিল ৰেজাউল কৰিম সৰকাৰে। Read More- গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পূৰ্বেই গৌৰৱ গগৈয়ে ৰেজাউল কৰিম সৰকাৰক দলৰ পৰা বহিস্কাৰ কৰিব লাগিছিল। শিৱসাগৰখনক ধুবুৰী বনাম বুলি কোৱাৰ পাছতেই যোৰহাটৰ সাংসদ হিচাপে গৌৰৱ গগৈয়ে ৰেজাউল কৰিমক দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ।’ Read More- সাৱধান! Googleত ছাৰ্চ নকৰিব এইবোৰ বিষয়আনহাতে এই বিতৰ্ক সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া দিছে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। দুলীয়াজানৰ পৰা হুংকাৰ দি সমীৰণ ফুকনে ক'লে- 'উজনি অসমৰ কোনো প্ৰান্তৰ ধুবুৰী সদৃশ বনাবলৈ দিয়া নহ'ব। যদি কোনোবাই আমাক প্ৰত্যাহ্বান জনাইছে তেনেহলে উজনি অসমৰ প্ৰতিৰোধ শক্তিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সাজু হৈ থাকিবলৈ আমি তেওলোকক সকীয়ণি প্ৰদান কৰিছো। আমছুৰ লগতে বাংলাদেশীৰ ৰক্ষক আন এটা দল হৈছে কংগ্ৰেছ। কাৰণ কংগ্ৰেছৰ মঞ্চত থাকিয়েই ৰেজাউল কৰিম সৰকাৰে অসমীয়া জাতিটোক সকীয়ণি প্ৰদান কৰিলে। শিক্ষাৰ জেহাদৰ যোগেদি ৰেজাউলে যোৰহাট, শিৱসাগৰৰ DC মিঞাক পাতিম বুলি ক'ব পাৰিলে, গুৱাহাটীৰ DC মিঞাক পাতিম বুলি ক'ব পাৰিলে। আৰু ৰেজাউল কৰিমক এই ধৰণৰ কথা কবলৈ সাহস প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে'।Read More- শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!AdvertismentAdvertisment Read the Next Article