Advertisment

শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!

মুছলমান শিক্ষার্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! নৱস্থাপিত MBBS কলেজৰ ৫০ আসনৰ ৪২ খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। নেচনেল মেডিকেল কমিছনৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক চৰ্ছা।

 File Photo
File Photo

শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ!

Advertisment


মুছলমান শিক্ষার্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! নৱস্থাপিত MBBS কলেজৰ ৫০ আসনৰ ৪২ খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। নেচনেল মেডিকেল কমিছনৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক চৰ্ছা। এতিয়া প্ৰশ্ন হৈছে জম্মুৰ মাতা বৈষ্ণো দেৱী ইনষ্টিটিউটক লৈ হৈছে নেকি ৰাজনীতি? 

Read More- সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ

জম্মুৰ মাতা বৈষ্ণো দেৱী ইনষ্টিটিউটক লৈ ৰাজনীতিকৰণৰ অভিযোগ। ৫০খন আসনযুক্ত কলেজখনত প্ৰথমবাৰলৈ হৈছিল নামভৰ্তি প্ৰক্ৰিয়া। ৫০খন আসনৰ ভিতৰত ৪২ আসনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। বাকী ৮খন আসন লাভ কৰিছিল হিন্দু আৰু শিখ শিক্ষাৰ্থীয়ে। তাৰ পাছতেই নামভৰ্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ অবৈধ বুলি একাংশই প্ৰতিবাদ কৰিছিল। কলেজখন বন্ধৰ আহ্বান জনাইছিল ৬০টাকৈ হিন্দুত্ববাদী দল-সংগঠনে।

Read More- অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী

দেখিবলৈ পোৱা গ'ল হিন্দু সংগঠনৰ প্ৰতিবাদত সেও মানিলে নেচনেল মেডিকেল কমিছনে। হিন্দু সংগঠনৰ প্ৰতিবাদত সেও মানি কলেজখনৰ স্বীকৃতি বাতিল কৰি দিলে নেচনেল মেডিকেল কমিছনে। নেচনেল মেডিকেল কমিছনৰ এই সিদ্ধান্তক লৈ দেশজুৰি এতিয়া ব্যাপক চৰ্ছা হৈছে। মুছলমান শিক্ষাৰ্থীয়ে বৃহত্‍ আসন পোৱাৰ বাবে হিন্দুত্ববাদী সংগঠনে কলেজখনৰ স্বীকৃতি বাতিল কৰিবলৈ উঠি-পৰি লগা বুলি এতিয়া একাংশই অভিযোগ আনিছে। 

Read More- আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

প্ৰথমবাৰলৈ জম্মুত স্থাপন হৈছিল বৈষ্ণো দেৱী ইনষ্টিটিউট। আৰু এই ইনষ্টিটিউটখনত প্ৰথমবাৰ হোৱা নামভৰ্তিতে ৫০খন আসনৰ ৪২ খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। ইয়াৰ পাছতেই হিন্দুত্ববাদী সংগঠনৰ নেতাসকলে মেৰিট লিষ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে৷ তেওঁলোকে প্ৰতিষ্ঠানটো বন্ধ কৰাৰ দাবী জনাই কয় যে এই প্ৰতিষ্ঠানটো "হিন্দু তীৰ্থযাত্ৰীৰ অনুদান"ৰ ভিত্তিত চলি আছে, আৰু সেয়েহে MBBSৰ আসন কেৱল হিন্দু ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত হ'ব লাগে।

Advertisment
Advertisment