Advertisment

সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ

হিমন্ত বিশ্ব শৰ্মা অতি নিন্ম চিন্তাৰ মানুহ। অসমৰ মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ আদৰ্শত বিশ্বাসী। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেছি। 

 File Photo
File Photo

সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ 

হিমন্ত বিশ্ব শৰ্মা অতি নিন্ম চিন্তাৰ মানুহ। অসমৰ মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ আদৰ্শত বিশ্বাসী। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেছি। 

Advertisment

Read More- প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনা

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ সাংসদ আছাদুদ্দিন ওৱেছিৰ। আছাদুদ্দিন ওৱেছিয়ে একপ্ৰকাৰ টিউবলাইট আখ্যা দিলে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই ওৱেছিয়ে ক'লে- ভাৰতত বাবা চাহেব আম্বেদকাৰৰ সংবিধান মানি চলা হয়। পাকিস্তানৰ সংবিধান মতেহে এটা সম্প্ৰদায়ৰ লোকে প্ৰধানমন্ত্ৰী হ’ব পাৰে। গতিকে এনেকুৱা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা হয়তো পাকিস্তানৰ আদৰ্শত বিশ্বাসী। 

Read More- ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখ

AIMIMৰ নেতা আছাদুদ্দিন ওৱেছিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি ক'লে- হিমন্ত বিশ্ব শৰ্মাৰ মগজুত টিউবলাইট আছে। ভাৰতৰ সংবিধানৰ কথা নাজানে হিমন্ত বিশ্ব শৰ্মাই। কেৱল মাত্ৰ পাকিস্তানৰ সংবিধান মতেহে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোক প্ৰধানমন্ত্ৰী হ'ব পাৰে। সংবিধানৰ কথা নজনাসকলে এনেকুৱা ধৰণৰ কথা কয়। ভাৰতবৰ্ষ কোনো এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ নহয়। ইয়াত বসবাস কৰা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে দেশ হৈছে ভাৰতবৰ্ষ। হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাধাৰা নিম্ন সেয়ে তেখেতে এনেকুৱা ধৰণৰ কথা কব পাৰিছে। 

Read More- আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনা

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই এদিন পূৰ্বে কৈছিল যে- সংবিধান মতে যিকোনো সংবিধানৰ লোক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে। কিন্তু ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ। আৰু আমি বিছাৰো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী হিন্দুৱেই হওক।

Advertisment
Advertisment