Assameseআচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনাশিক্ষকে পৌৰসভাক প্ৰদান কৰিব লাগিব বাটৰুৱা কুকুৰৰ সংখ্যা আৰু ইয়াৰ অৱস্থাৰ প্ৰতিবেদন। বিহাৰৰ সাছাৰাম পৌৰ নিগমৰ এক নিৰ্দেশনাই লাভ কৰিছে এতিয়া ব্যাপক চৰ্চা । ২০২৫ চনৰ ১৫ ডিচেম্বৰতে দিয়া এই নিৰ্দেশনাই অশান্তি বৃদ্ধি কৰিছে বিদ্যালয়ৰ শিক্ষকৰ মাজত । Mrinmoy Talukdar Jan 09, 2026 19:22 ISTFile Photoআচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনাবিহাৰৰ সাছাৰাম পৌৰ নিগমৰ এক নিৰ্দেশনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। জানিব পৰা মতে সাছাৰাম পৌৰ নিগমৰ আয়ুক্তই অঘৰী কুকুৰৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিবলৈ অঞ্চলটোৰ সকলো বিদ্যালয়কে এজন ন’ডেল বিষয়া নিযুক্তি দিবলৈ নিগমে নিৰ্দেশ দিছে। আৰু এই ন’ডেল অফিচাৰজন হ’ব স্কুলৰ শিক্ষক। ২০২৫ চনৰ ১৫ ডিচেম্বৰতে দিয়া এই নিৰ্দেশ শেহতীয়াকৈ প্ৰকাশ পাইছে। ইয়াৰ ফলত বিদ্যালয়ৰ শিক্ষকৰ মাজত অশান্তি বৃদ্ধি পাইছে। AdvertismentRead More- কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! সাছাৰাম পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি ন’ডেল অফিচাৰ হিচাপে নিযুক্তি দিব লগা নিৰ্দিষ্ট শিক্ষকজনে পৌৰসভাক বিদ্যালয় চৌহদ আৰু ইয়াৰ আশে-পাশে থকা বাটৰুৱা কুকুৰৰ সংখ্যা, ইয়াৰ অৱস্থা, আৰু সাম্ভাৱ্য নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰতিবেদন পৌৰসভাক প্ৰদান কৰিব লাগিব। নিগমে কয় যে চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা বাটৰুৱা তথা বিপথগামী কুকুৰৰ সমস্যাটো সমাধানৰ বাবে কুকুৰৰ পাউণ্ড স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে ভিন্ন অঞ্চলৰ পৰা সঠিক তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে।Read More- ২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...এই সন্দৰ্ভত সাসাৰাম পৌৰ নিগমৰ আয়ুক্ত বিকাশ কুমাৰে উল্লেখ কৰে যে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মানি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে শিক্ষানুষ্ঠানসমূহৰ পৰা ন’ডেল বিষয়াৰ তালিকা এখন বিচৰা হৈছে যাতে স্থানীয় পৰ্যায়ত সঠিক তথ্য লাভ কৰিব পৰা যায় আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। Read More- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰপৌৰ নিগমৰ এই নিৰ্দেশৰ পিছতে জিলাখনৰ শিক্ষকসকলে মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। শিক্ষকসকলৰ মতে ইতিমধ্যে তেওঁলোকক অসংখ্য অশৈক্ষিক কাম যেনে- লোকপিয়লৰ কাম, ভোটাৰ তালিকাৰ পুনৰীক্ষণ, নিৰ্বাচনী কৰ্তব্য আদিৰ দায়িত্ব দিয়া হৈছে। এতিয়া বাটৰুৱা কুকুৰ গণনাৰ অতিৰিক্ত দায়িত্ব জাপি দিলে তেওঁলোকৰ প্ৰাথমিক কামত বাধা আহিব। সম্প্ৰতি অধিকাংশ শিক্ষক অসন্তুষ্ট যদিও বিভাগীয় ব্যৱস্থা গ্ৰহণৰ ভয়তে কেমেৰাৰ সম্মুখত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।Read More- ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।AdvertismentAdvertisment Read the Next Article