Assamese২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। গতিকে ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিঞা মুছলমানৰ নাম কৰ্তন কৰা হ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ।Mrinmoy Talukdar Jan 08, 2026 19:20 ISTFile Photo২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। গতিকে ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিঞা মুছলমানৰ নাম কৰ্তন কৰা হ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ। লগতে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিবলৈও BLAক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে। AdvertismentRead More- কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই!মিঞা মুছলমান সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- বিজেপিৰ দৰে একেই স্বাধীনতা আছে কংগ্ৰেছ দলৰো। গতিকে কংগ্ৰেছে যদি কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা উঠাব বিচাৰিছে তেনেহ'লে ইয়াৰ বাবে আৱেদন কৰক। আনহাতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বিষয়ক লৈ অখিল গগৈ, গৌৰৱ গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। Read More- কোনে লাভ কৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন?উল্লখ্য যে বিধায়ক অখিল গগৈয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে অভিযোগ আনিছিল যে- দিলীপ শইকীয়াই বিজেপিক ভোট নিদিয়া লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ নিৰ্দেশ দিছে। দিলীপ শইকীয়াৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে- ভোটাৰ লিষ্টৰ পৰা সন্দেহজনক লোক আৰু মৃতক লোকৰ নাম কৰ্তন হ'ব। ইয়াত লুকুৱাবলগীয়া একো কথা নাই। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- বিজেপিৰ এজেণ্ডাই হৈছে শুদ্ধ ভোটৰ তালিকা। যদি শুদ্ধ ভোটৰ তালিকা প্ৰস্তুত কৰিবই নোৱাৰো তেনেহলে আমি ইমান দিনে কি কৰিলো? বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰা এইবিলাকেই হৈছে আমাৰ এজেণ্ডা। অবৈধ মিঞাৰ নাম যাতে ভোটাৰ তালিকাত নাথাকে এয়া চোৱাটো আমাৰ দায়িত্ব। এইবিলাক কাম কৰিবলৈয়ে আমাক মানুহে ভোট দিছিল।Read More- অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোনআনহাতে আজি পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে- ২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। কাৰণ ২০২৭ৰ লোকপিয়লত অসমত বাংলাদেশী মুছলমানৰ সংখ্যা প্ৰায় ৪০ শতাংশলৈ বৃদ্ধি পাব।AdvertismentAdvertisment Read the Next Article