Advertisment

অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন

টি-২০ বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী। 

 File Photo
File Photo

অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন


টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলৰ বাবে বেয়া খবৰ। বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী। 

Advertisment

Read More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

উল্লেখ্য যে বিজয় হাজাৰে ট্ৰফী খেলিবলৈ ৰাজকোটত থকা তিলক বাৰ্মাই বুধবাৰে পুৱা ব্ৰেকফাষ্টৰ পিছতেই পেটৰ তীব্ৰ বিষ অনুভৱ কৰিছিল। লগে লগে ক্ৰিকেটাৰ গৰাকীয়ে বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত চিকিৎসকৰ পৰামৰ্শ লয়। তাৰ পাছতেই তিলক বাৰ্মাক ৰাজকোটৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত কেইবাটাও স্কেন কৰা হয় আৰু ফলাফল চেণ্টাৰ অৱ এক্সেলেন্সৰ চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।

Read More- ক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ!

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চিকিৎসকে তিলক বাৰ্মাক শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। গতিকে  অস্ত্ৰোপচাৰৰ পাছত ক্ৰিকেটাৰ গৰাকীক সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ প্ৰায় তিনি-চাৰি সপ্তাহ সময় লাগিব। ফলস্বৰূপে ২০২৬ চনৰ টি-২০ বিশ্বকাপত তিলক বাৰ্মাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও ক্ষীণ দেখা গৈছে। 

Read More- টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!

২১ ফেব্ৰুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’ব টি-২০ শৃংখলা। ২১ ফেব্ৰুৱাৰীত প্ৰথম টি-২০ খেল নাগপুৰত, দ্বিতীয়খন টি-২০ ৰায়পুৰত ২৩ জানুৱাৰীত, ২৬ জানুৱাৰীত গুৱাহাটীত তৃতীয়খন টি-২০ অনুষ্ঠিত হোৱাৰ লগতে  ২৮ জানুৱাৰীত ভিজাগত চতুৰ্থ আৰু ৩১ জানুৱাৰীত তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব পঞ্চমখন টি-২০। এতিয়া যদি তিলক বাৰ্মাক সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ প্ৰায় তিনি-চাৰি সপ্তাহ সময় লাগে তেন্তে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাহিৰ হোৱাৰ লগতে তিলক বাৰ্মাই টি-২০ বিশ্বকাপত অংশগ্ৰহণতো অনিশ্চয়তাই দেখা দিছে।

Advertisment
Advertisment