Advertisment

টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। কিন্তু দলত স্থান নাপালে ৰুতুৰাজ গায়কোৱাডে। 

 File Photo
File Photo

টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিও দলত স্থান নাপালে ৰুতুৰাজ গায়কোৱাডে। 

Advertisment

Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ

১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'ব এদিনীয়া শৃংখলা। এদিনীয়া শৃংখলাৰ বাবে আজি BCCI-এ ঘোষণা কৰিলে ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন হ'ল অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। আনহাতে টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বিশ্ৰাম দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু পেচ তাৰকা যশপ্ৰীত বুমৰাহক। 

Read More- বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড

টীম ঘোষণাৰ পাছতেই আটাইতকৈ ডাঙৰ খবৰটো হ'ল ৰুতুৰাজ গায়কোৱাডে স্থান নাপালে ভাৰতীয় দলত। শেহতীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শতক অৰ্জন কৰিছিল গায়কোৱাডে। কিন্তু শ্ৰেয়াছ আয়াৰৰ দললৈ প্ৰত্যাৱৰ্তন হোৱাৰ লগে লগে দলৰ পৰা বাহিৰ হ'ল ৰুতুৰাজ গায়কোৱাড। 

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতৰ দলটো হৈছে-

শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী , কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (উপ অধিনায়ক)*, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, হৰ্ষিত ৰানা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শ্বদ্বীপ সিং, যশস্বী জয়ছোৱাল।

Advertisment

Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

আনহাতে শ্ৰেয়াছ আয়াৰ দলত অন্তৰ্ভুক্ত হ'লেও শ্ৰেয়াছ আয়াৰ খেলাটো নিৰ্ভৰ কৰিব ফিটনেছৰ ওপৰত। কাৰণ শ্ৰেয়াছ আয়াৰে এতিয়াও  BCCIৰ চেণ্টাৰ অৱ এক্সিলেন্সৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰা নাই।

Advertisment
Advertisment