Assameseকঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰপাকিস্তানৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ’ল BCCI। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে IPLত নিষিদ্ধ হ’ল বাংলাদেশৰ খেলুৱৈ। BCCI-এ গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। Mrinmoy Talukdar Jan 03, 2026 17:23 ISTFile Photoকঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰপাকিস্তানৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ’ল BCCI। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে IPLত নিষিদ্ধ হ’ল বাংলাদেশৰ খেলুৱৈ। বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক KKR দলত অন্তৰ্ভুক্ত কৰাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে BCCIয়ে এই বিষয়ত গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। AdvertismentRead More- বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ডআই পি এলত আৰু খেলিব নোৱাৰিব বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানে। মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাৰ বাবে বলীউডৰ ছুপাৰষ্টাৰ তথা KKRৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানো তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছিল। বাংলাদেশৰ বেগী বলাৰ গৰাকীক দলত অন্তৰ্ভুক্ত কৰাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে BCCIয়ে এই বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। BCCIৰ সচিব দেৱজিৎ শইকীয়াই কয় যে, ‘দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BCCIয়ে KKR ফ্ৰেঞ্চাইজীক নিজৰ খেলুৱৈ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে উল্লেখ কৰে যে, যদি KKR-এ মুস্তাফিজুৰ ৰহমানৰ সলনি আন এজন খেলুৱৈক বিচাৰে তেন্তে BCCIয়ে অনুমতি দিব।’ উল্লেখযোগ্য যে, বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে বাংলাদেশী খেলুৱৈক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে BCCIয়ে।Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলউল্লেখ্য যে বিগত ডিচেম্বৰ মাহত IPL ২০২৬ৰ বাবে মিনি নিলাম অনুষ্ঠিত হৈছিল। এই নিলামত KKR দলে মুস্তাফিজুৰ ৰহমানক ৯.২০ কোটি টকাত ক্ৰয় কৰিছিল। মুস্তাফিজুৰ ৰহমানক KKR দলে ক্ৰয় কৰাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। একাংশই টাৰ্গেট কৰি লৈছিল KKRৰ স্বত্বাধিকাৰ তথা বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানকো। মুস্তাফিজুৰ ৰহমানক ক্ৰয় কৰাক লৈ শ্বাহৰুখ খানক সমালোচনা কৰিছিল স্বামী ৰামভদ্ৰাচাৰ্যই। ৰামভদ্ৰাচাৰ্যই শ্বাহৰুখ খানক সমালোচনা কৰি কৈছিল, এইটো অতি দুৰ্ভাগ্যজনক। লগতে কৈছিল, "শ্বাহৰুখ খান কোনো নায়ক নহয়। তেওঁৰ কোনো চৰিত্ৰ নাই। ইয়াত নতুন একো নাই। তেওঁৰ সকলো কামেই হৈছে বিশ্বাসঘাতকৰ। তেওঁৰ সকলো কাম সদায় জাতিবিৰোধী।".Read More- IPL নিলামত কোটিপতি আকিব নবি দাৰআনহাতে বিজেপি নেতা সংগীত ছমেও শ্বাহৰুখ খানক সমালোচনা কৰিছিল। তেও কৈছিল, বাংলাদেশত হিন্দুসকলক বাছি বাছি হত্যা কৰা হৈছে। এনে পৰিস্থিতিত বাংলাদেশৰ পৰা খেলুৱৈ ক্ৰয় কৰাটো দেশৰ প্ৰতি বিশ্বাসঘাতকতা। শ্বাহৰুখ খানৰ দৰে মানুহ দেশদ্ৰোহী। শ্বাহৰুখ খানে কেতিয়াবা পাকিস্তান আৰু কেতিয়াবা বাংলাদেশক সমৰ্থন কৰে। হিন্দুক অত্যাচাৰ কৰা যিকোনো দেশকে সমৰ্থন কৰে শ্বাহৰুখ খানে। অৱশ্যে এই বিশ্বাসঘাতকসকলে নাজানে যে ভাৰতৰ জনসাধাৰণেহে তেওলোকক ছুপাৰষ্টাৰ বনাইছে।AdvertismentAdvertisment Read the Next Article