Advertisment

IPL নিলামত কোটিপতি আকিব নবি দাৰ

IPL নিলামত কোটিপতি হ'ল আকিব নবি দাৰ। দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰাৰ লগে লগে দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আকিব নবি। ঘৰুৱা ক্ৰিকেটত কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল জম্মু-কাশ্মীৰৰ ক্ৰিকেটাৰগৰাকী। 

 Filephoto
Filephoto

IPL নিলামত কোটিপতি আকিব নবি দাৰ
৮.৪০ কোটি টকাত ক্ৰয় কৰিলে দিল্লী কেপিটেলছে

Advertisment

IPL নিলামত কোটিপতি হ'ল আকিব নবি দাৰ। দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰাৰ লগে লগে দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আকিব নবি। ঘৰুৱা ক্ৰিকেটত কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল জম্মু-কাশ্মীৰৰ ক্ৰিকেটাৰগৰাকী। 

Read More- IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

মঙলবাৰে আবুধাবিত অনুষ্ঠিত হৈছিল IPL ২০২৬ৰ নিলাম। IPL ২০২৬ৰ নিলামত ভাগ্য উদয় হ'ল কেইবাগৰাকীও যুৱ ক্ৰিকেটাৰৰ। তাৰ ভিতৰত অন্যতম জম্মু-কাশ্মীৰৰ যুৱ তাৰকা পেচাৰ আকিব নবি দাৰ। দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত কৰিলে ঘৰুৱা ক্ৰিকেটত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা ক্ৰিকেটাৰগৰাকীক। 

Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি

IPL ২০২৬ৰ নিলামত ২৯ বছৰীয়া আকিব নবি দাৰক ক্ৰয় কৰিবলৈ কেইবাটাও দলৰ মাজত যুঁজ দেখিবলৈ পোৱা গৈছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুও যুৱ পেচাৰগৰাকীক ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষ মূহূৰ্ত্তত দিল্লী কেপিটেলছে আকিব নবি দাৰক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। 

Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

আকিব নবি দাৰে ঘৰুৱা ক্ৰিকেটত জম্মু-কাশ্মীৰক প্ৰতিনিধিত্ব কৰে। বিগত কেইবাটাও ঘৰুৱা টুৰ্ণামেণ্টত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে যুৱ পেচাৰগৰাকীয়ে। এই পৰ্যন্ত চৈয়দ মুস্তাক আলী ট্ৰফীত  আকিব নবি দাৰে ৭খন খেলত দখল কৰিছে ১৫টা উইকেট। আনহাতে ২০২৫-২৬ বৰ্ষৰ ৰঞ্জি ট্ৰফীতো আকিব নবি দাৰে ৯টা ইনিংছত দখল কৰিছে ২৯টাকৈ উইকেট। আকিব নবি দাৰৰ এই প্ৰদৰ্শনৰ বাবেই জম্মু-কাশ্মীৰে ৰঞ্জি ট্ৰফীত নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছিল।

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

জম্মু-কাশ্মীৰৰ বেগী বলাৰগৰাকীয়ে শেহতীয়া দুলীপ ট্ৰফী ছিজনতো ইতিহাস সৃষ্টি কৰি কপিল দেৱৰ অভিলেখ ভংগ কৰিছিল। আকিব নবি দাৰে দুলীপ ট্ৰফীৰ ইতিহাসত একেৰাহে চাৰিটা বলত ৪টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছিল। এই সাফল্যৰ জৰিয়তে তেওঁ ১৯৭৯ চনৰ ফাইনেলত কপিল দেৱৰ তিনিটা বলত তিনিটা উইকেটৰ অভিলেখো ভংগ কৰিছিল। ইষ্ট জ’নৰ বিৰুদ্ধে নৰ্থ জ’নৰ হৈ খেলি আকিব নবীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল। মেচখনত আকিব নবি দাৰে ২৮ ৰানৰ বিনিময়ত দখল কৰিছিল ৫টাকৈ উইকেট।

Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন

২৯ বছৰীয়া আকিব নবি দাৰে ভাৰতৰ হৈ এতিয়াও অভিষেক ঘটাব পৰা নাই যদিও IPL২০২৬ত নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সাজু হৈছে।  জম্মু কাশ্মীৰৰ হৈ আকিবে ৩৬ খন প্ৰথম শ্ৰেণীৰ মেচত ১২৫টা উইকেট দখল কৰাৰ লগতে ২৯ খন লিষ্ট এৰ মেচত ৪২টা আৰু ৩৪ খন টি-২০ মেচত এইপৰ্যন্ত ৪৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

Advertisment
Advertisment