Advertisment

১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বিৰাট কোহলী। বিৰাট কোহলীলে ল'লে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত। সুদীৰ্ঘ ১৫ বছৰৰ পাছত বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী। 

 Filephoto
Filephoto

১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বিৰাট কোহলী। বিৰাট কোহলীলে ল'লে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত। সুদীৰ্ঘ ১৫ বছৰৰ পাছত বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী। 

Advertisment

Read More- ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।

বিৰাট কোহলী, টীম ইণ্ডিয়াৰ ৰানমেচিন, চেজমাষ্টাৰ। শেহতীয়াকৈ ক্ৰিকেটৰ দুটাকৈ ফৰ্মেট টেষ্ট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে বিৰাট কোহলীয়ে। তেনে পৰিস্থিতিত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলিবলৈ আৰু মেচ ফিটনেছ আৰু ফৰ্ম বৰ্তাই ৰাখিবলৈ BCCIএ তাৰকা ক্ৰিকেটাৰ জনক দিছিল ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ। BCCIৰ পৰামৰ্শৰ পাছতেই আগন্তুক বিজয় হাজাৰে ট্ৰফীত নিজৰ উপলব্ধতাৰ কথা দিল্লী ক্ৰিকেট এচ'ছিয়েছনক জনাইছে বিৰাটে। 

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বিজয় হাজাৰে ট্ৰফী। বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰিব কোহলীয়ে। বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ১১ জানুৱাৰীৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবেও নিজকে প্ৰস্তুত কৰিব কোহলীয়ে। উল্লেখ্য যে দিল্লীয়ে অন্ধ্ৰ প্ৰদেশৰ বিৰুদ্ধে বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন খেল খেলিব।

Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

বিজয় হাজাৰে ট্ৰফীত বিৰাট কোহলীৰ অংশগ্ৰহণৰ সন্দৰ্ভত ৰোহন জেটলীয়ে কয় যে, "বিৰাটে বিজয় হাজাৰে ট্ৰফীৰ বাবে নিজৰ উপলব্ধতা নিশ্চিত কৰিছে। তেওঁ কিমানখন মেচ খেলিব সেয়া এতিয়াও স্পষ্ট কৰা নাই। কিন্তু তেওঁৰ উপস্থিতি নিঃসন্দেহে দিল্লীৰ ড্ৰেছিং ৰুমৰ বাবে এক বৃহৎ প্ৰেৰণা হ'ব।"

Read More- জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ

উল্লেখ্য যে বিৰাট কোহলীৰ উপৰিও ৰোহিত শৰ্মাকো BCCIএ ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছিল। ইয়াৰ কাৰণ আছিল দুয়োগৰাকী ক্ৰিকেটাৰে এতিয়া কেৱল এদিনীয়া ক্ৰিকেটহে খেলে। গতিকে মেচ ফিটনেছ বৰ্তাই ৰাখিবলৈ দুয়োগৰাকী তাৰকায়ে ঘৰুৱা ক্ৰিকেট খেলাটো প্ৰয়োজন। কাৰণ বৰ্তমান সময়ত সীমিত সংখ্যকহে এদিনীয়া ক্ৰিকেট অনুষ্ঠিত হয়। আৰু এই সীমিত সংখ্যক এদিনীয়া খেলি ২০২৭ চনৰ বিশ্বকাপলৈকে মেচ ফিটনেচ বৰ্তাই ৰখাটো দুই তাৰকা ক্ৰিকেটাৰৰ বাবে কঠিন হ'ব। শেহতীয়াকৈ ৰাঁছীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত কোহলীয়ে কেৰিয়াৰৰ ৫২ সংখ্যক শতক অৰ্জন কৰিছিল।  ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছৰ বাবে কোহলীয়ে লাভ কৰিছিল মেন অৱ দা মেচৰ সন্মানো।

Read More- জৰুৰী সময়তো এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চ সেৱা

বিৰাট কোহলীৰ অংশগ্ৰহণ দিল্লী দলৰ বাবেও হ'ব এক ঐতিহাসিক মুহূৰ্ত। কোহলীয়ে শেষবাৰৰ বাবে দিল্লীৰ হৈ ২০১৩ চনতেই ৫০ অভাৰৰ ঘৰুৱা মেচ খেলিছিল। তাৰ পূৰ্বে কোহলীয়ে ২০০৯-১০ ছিজনত বিজয় হাজাৰে ট্ৰফীৰ অন্তিমখন মেচ খেলিছিল।

Advertisment
Advertisment