Advertisment

ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।

ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো ঐতিহাসিক অভিলেখ গঢ়িলে দুই তাৰকা ক্ৰিকেটাৰে। 

 Filephoto
Filephoto

ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড। 

'ৰো-কো' মানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় হৈছে 'ৰো-কো'। শেহতীয়াকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো ঐতিহাসিক অভিলেখ গঢ়িলে দুই তাৰকা ক্ৰিকেটাৰে। 

Advertisment

শেহতীয়াকৈ টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। ৰোহিত শৰ্মাৰ নেতৃত্বত বাৰ্বাডোজত টি-২০ বিশ্বকাপ আৰু ডুবাইত চেম্পিয়নছ জয়লাভ কৰিছিল টীম ইণ্ডিয়াই। বিগত ৯ মাহত দুটাকৈ ICCৰ ট্ৰফী আজুৰি অনাৰ পাছতো কিন্তু ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব পৰা অব্যাহতি দিছিল BCCIয়ে। তাৰ পাছত এতিয়া আকৌ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ একাংশই চৰ্চা কৰিছে। 

কিন্তু জল্পনা-কল্পনাৰ মাজতেই ২২ গজত নিজৰ প্ৰদৰ্শনেৰে যোগ্য প্ৰত্যুত্তৰ দিছে দুই তাৰকাই। প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শক্তিশালী প্ৰদৰ্শন আৰু এতিয়া ৰবিবাৰৰ পৰা আৰম্ভ  হোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত বিৰাট কোহলীৰ বেটেৰে আহিল ১৩৫ ৰানৰ বিস্ফোৰক শতকীয় ইনিংছ। বিস্ফোৰক শতকীয় ইনিংছেৰে বিৰাটে অৰ্জন কৰিলে এদিনীয়া কেৰিয়াৰৰ ৫২ সংখ্যক আৰু আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৮৩ সংখ্যক শতক। এদিনীয়া কেৰিয়াৰৰ ৫২ সংখ্যক শতকেৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ এটা ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে কোহলীয়ে। টেষ্ট ক্ৰিকেটত ৫১টা শতকৰে সৰ্বাধিক শতক অৰ্জন কৰিছিল শচীনে। কিন্তু কোহলীয়ে ৩০৬খন এদিনীয়াত ৫২ টা শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ এটা ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে। 

আনহাতে ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত আন এক ৰেকৰ্ডৰ অধিকাৰী হৈছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই শ্বাহিদ আফ্ৰিদীৰ এটা ঐতিহাসিক অভিলেখ ভংগ কৰে। শ্বাহিদ আফ্ৰিদীক অতিক্ৰমী ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ছয় কোবোৱা বেটছমেন হিচাপে পৰিগণিত হৈছে। এদিনীয়া ক্ৰিকেটত এতিয়া ৰোহিত শৰ্মাৰ ৩৫২টা ছয়ৰ বিপৰীতে শ্বাহিদ আফ্ৰিদীয়ে সংগ্ৰহ কৰিছিল ৩৫১টা ছয়। ২৬৯ সংখ্যক এদিনীয়া ইনিংছত ৰোহিত শৰ্মাই এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে শ্বাহিদ আফ্ৰিদীয়ে ৩৬৯টা এদিনীয়া ইনিংছত ৩৫১টা ছয় সংগ্ৰহ কৰিছিল।

Advertisment
Advertisment