Assameseটেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী? শেহতীয়াকৈ টেষ্ট ফৰ্মেটত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতেই বিৰাট কোহলীক লৈ চলিছে বিশেষ চৰ্চা। কিন্তু অৱসৰ প্ৰত্যাহাৰ সন্দৰ্ভত দেওবাৰে মুকলিকৈ কৈছে বিৰাট কোহলীয়ে। Mrinmoy Talukdar Dec 01, 2025 17:08 ISTFilephotoটেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী? শেহতীয়াকৈ টেষ্ট ফৰ্মেটত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতেই বিৰাট কোহলীক লৈ চলিছে বিশেষ চৰ্চা। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত বিস্ফোৰক শতক অৰ্জনৰ পাছতেই অৱসৰ প্ৰত্যাহাৰ সন্দৰ্ভত মুকলিকৈ কৈছে বিৰাট কোহলীয়ে। AdvertismentRead More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইনৰাঁচীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত বিস্ফোৰক শতক টীম ইণ্ডিয়াৰ ৰান মেছিন বিৰাট কোহলীৰ। ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে এদিনীয়া কেৰিয়াৰৰ ৫২ সংখ্যক আৰু আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৮৩ সংখ্যক শতক অৰ্জন কৰে কোহলীয়ে। কোহলীৰ শতকৰ সুবাদতেই প্ৰথমখন এদিনীয়াত ১৭ ৰানৰ জয়ী হয় টীম ইণ্ডিয়া। জয়ৰ পাছতেই মেন অৱ দ্যা মেচ নিৰ্বাচিত হয় কোহলী। মেন অৱ দ্যা মেচ গ্ৰহণ কৰাৰ সময়তে টেষ্ট ক্ৰিকেটলৈ উভতি অহাৰ সন্দৰ্ভত চলি থকা চৰ্চা সন্দৰ্ভতো মন্তব্য কৰে বিৰাটে। Read More- ৰাজ্যত এতিয়া প্ৰৱঞ্চকৰ লুটপাত!টেষ্ট ফৰ্মেটলৈ ঘূৰি অহাৰ চৰ্চা নাকচ কৰে বিৰাট কোহলীয়ে। মেচৰ পিছত যেতিয়া হৰ্ষা ভোগলে বিৰাটক কেৱল এদিনীয়া ফৰ্মেটেই খেলিব নেকি বুলি প্ৰশ্ন কৰিছিল তেতিয়া কোহলীয়ে কৈছিল, “হয়, মই কেৱল এদিনীয়া ক্ৰিকেটেই খেলিম। মোৰ বয়স এতিয়া ৩৭, গতিকে মই মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ জিৰণি লোৱাৰ প্ৰয়োজন। যদি আপুনি প্ৰায় ৩০০ মেচ খেলিছে আৰু ইমানখিনি ক্ৰিকেট খেলিছে, তেন্তে অনুশীলনৰ সময়ত আপুনি গম পাই যে আপোনাৰ ৰিফ্লেক্স আৰু শাৰীৰিক ক্ষমতা দীৰ্ঘম্যাদী বেটিঙৰ বাবে আছে নে নাই। যেতিয়ালৈকে আপুনি ভাল বেটিং কৰি আছে আৰু ভাল ক্ৰিকেট খেলি আছে, তেতিয়ালৈকে আপোনাৰ ফিটনেছ, শাৰীৰিক মানসিকভাৱেও ঠিকে থাকে। শেষত বিৰাট কোহলীয়ে কয় যে, তেওৰ টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ কোনো পৰিকল্পনা নাই। Read More- আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?আনহাতে ইয়াৰ পূৰ্বে BCCIৰ সম্পাদক দেৱজিৎ লন শইকীয়াই বিৰাট কোহলীৰ টেষ্ট অৱসৰ প্ৰত্যাহাৰ কৰিবলৈ ব’ৰ্ডে কাষ চাপিছে বুলি কৰা জল্পনা-কল্পনাক খাৰিজ কৰিছিল। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ হাতত টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ পৰাজয়ৰ পাছত BCCIয়ে কোহলীক পুনৰ টেষ্ট ক্ৰিকেট খেলিবলৈ বা টেষ্ট ক্ৰিকেটৰ অৱসৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিব বুলি উৰাবাতৰি প্ৰচাৰ হৈছিল।AdvertismentAdvertisment Read the Next Article