Advertisment

আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

বনভোজক লৈ আহি গ'ল প্ৰশাসনৰ SOP! কেইবাটাও নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যেই বনভোজক লৈ SOP জাৰি কৰিছে। পিছে বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত আছে কি কি নিৰ্দেশনা? 

 আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?
আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

বনভোজক লৈ SOP! 
কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

ডিচেম্বৰ মানেই বনভোজৰ বতৰ! পুৰণিক বিদায় দি এতিয়া নতুনক আদৰাৰ সময়। সকলো সাজু হৈছে। পৰিয়াল, বন্ধুবৰ্গৰ সৈতে বছৰৰ অন্তিমটো মাহত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ আনন্দই সুকীয়া। ৰাজ্যৰ বনভোজস্থলী সমূহত প্ৰতিদিনে এতিয়া সমাগম ঘটিব হাজাৰ হাজাৰ লোকৰ। কিন্তু বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে সষ্টম হৈ পৰিছে প্ৰশাসনো।

Advertisment

বনভোজক লৈ আহি গ'ল প্ৰশাসনৰ SOP! কেইবাটাও নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যেই বনভোজক লৈ SOP জাৰি কৰিছে। পিছে বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত আছে কি কি নিৰ্দেশনা? 

বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰিলে SOP। শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত পিকনিকলৈ যোৱা যাত্ৰী আৰু চালক সকলে মানি চলিব লাগিব কেইবাটাও নিয়ম। প্ৰথমে বনভোজ যাবলৈ ঠিক কৰা বাহন খনৰ চালকগৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব। বাহনৰ চালকে কোনোধৰণৰ নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৱাৰিব। বনভোজলৈ ঠিক কৰা বাহনখনৰ কাৰ্যক্ষমতা পৰীক্ষণ কৰিহে বনভোজলৈ যাত্ৰা কৰি পাৰিব। ঠিক কৰা বাহন চালকৰ লগতে অতিৰিক্ত আন এগৰাকী চালককো বাচনি কৰাৰ নিৰ্দেশ শিৱসাগৰ আৰক্ষীৰ। 

আনহাতে বাহনত অতিমাত্ৰা ভীৰ আৰু উচ্চস্তৰৰ হাই-উৰুমি কৰিব নোৱাৰিব। বাহন চলাই থকাৰ সময়ত চালকৰ যাতে মনসংযোগ বিছিন্ন নহয় সেয়া লক্ষ্য ৰাখিব লাগিব যাত্ৰী সকলে। বাহনৰ চালকে গাড়ীত ছীটবেল্ট পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব। 

তাৰ লগতে বনভোজলৈ যোৱাৰ পূৰ্বে বনভোজকাৰী দলে আগতীয়াকৈ বতৰৰ তথ্য ল'ব লাগিব। লগতে বনভোজৰ বাবে অত্যধিক দূৰণিবতীয়া যাত্ৰাৰ পৰিকল্পনা নকৰিব। সূৰ্যোদয়ৰ পাছত যাত্ৰা আৰম্ভ কৰি সূৰ্যাস্তৰ আগতেই বনভোজস্থলী ত্যাগ কৰিব লাগিব বনভোজকাৰী দলে। আনহাতে বনভোজ স্থলীক লৈ স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা বনভোজকাৰী দল সমূহে মানি চলিব লাগিব। 

Advertisment
Advertisment