Assameseজিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰচৰকাৰী ঘৰৰ জিঅ’ টেগিঙৰ নামত প্ৰকৃততে চলিছে কি? গোহালি, গৰালকে কেঁচাঘৰ বুলি দেখুৱাই সুবিধা ল’ব বিচাৰিছে একাংশই। অনিয়মত লিপ্ত জীৱিকা সখী, পঞ্চায়তৰ সভাপতি-সচিবক সাৱধানবাণী মন্ত্ৰীৰ।Mrinmoy Talukdar Dec 02, 2025 13:46 ISTFilephotoজিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰচৰকাৰী ঘৰৰ জিঅ’ টেগিঙৰ নামত প্ৰকৃততে চলিছে কি? গোহালি, গৰালকে কেঁচাঘৰ বুলি দেখুৱাই সুবিধা ল’ব বিচাৰিছে একাংশই। অনিয়মত লিপ্ত জীৱিকা সখী, পঞ্চায়তৰ সভাপতি-সচিবক সাৱধানবাণী মন্ত্ৰীৰ।AdvertismentRead More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!ৰাজ্যৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব PMAY ঘৰ। প্ৰকৃততে যিসকলৰ কেঁচাঘৰ আছে, সেইসকল লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। কিন্তু PMAY ঘৰৰ নামত দুৰ্নীতি কৰা সকলক শেষ সকীয়নি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। চৰকাৰী ঘৰৰ নামত দুৰ্নীতি কৰা পঞ্চায়তৰ সভাপতি, জীৱিকা সখী সকলো যাব লাগিব জে'ললৈ। Read More- ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।PMAYৰ ঘৰৰ নামত দুৰ্নীতি কৰা জীৱিকা সখীৰ নিস্তাৰ নাই। গাঁও-পঞ্চায়তৰ সভাপতিও যাব লাগিব জে'ললৈ। হিতাধিকাৰী বাচনিৰ নামত দুৰ্নীতি কৰাসকলক সকীয়নি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ। জীৱিকা সখীয়ে জধে-মধে জিঅ’ টেগিং কৰি বঢ়াইছে হিতাধিকাৰীৰ সংখ্যা। Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰকিন্তু জীৱিকা সখীয়ে জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ। এই মন্তব্য কৰিছে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। ৰণজিৎ কুমাৰ দাসে কৰা মন্তব্য অনুসৰি- জীৱিকা সখীয়ে চৰকাৰক দিয়া তালিকাত নাম থাকিলেই আপুনি নাপাব পকী ঘৰ। পকী ঘৰ লাভ কৰিবলৈ গাঁওসভাত পঞ্চায়তৰ সভাপতি, সচিবে স্বাক্ষৰ কৰি দিব লাগিব তালিকাত। পঞ্চায়তৰ সভাপতি, সচিবে স্বাক্ষৰ কৰি দিয়াৰ পাছত পৰৱৰ্তী সময়ত বিভাগীয় লোকে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিব তালিকা। Read More- আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীকআনহাতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাৱধানবাণী শুনাইছে পঞ্চায়তৰ সভাপতি, সচিবকো। ভুৱা হিতাধিকাৰীৰ নাম সোমালে পঞ্চায়তৰ সভাপতি, সচিব কোনো সাৰি যাব নোৱাৰিব। দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি, সচিবক জে’ললৈ পঠিওৱা হ’ব বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ।AdvertismentAdvertisment Read the Next Article