Advertisment

ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।

 Filephoto
Filephoto

চিৰদিন অমৰ হৈ থাকক...
ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

Advertisment

কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৭১টা দিন। ন্যায়ৰ অপেক্ষাত প্ৰতিজন অসমীয়া। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি হৈছিল, কিয় আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল তাৰ উত্তৰৰ বাবে অপেক্ষাৰত প্ৰতিজন অসমীয়া। জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত ক্ষান্ত নহয় প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি থকা জুইকুৰা। 

Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!

উল্লেখ্য যে, সমগ্ৰ ৰাজ্যতে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰ অধীনত BLO সকলে প্ৰত্যেক ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ শেহতীয়া তথ্য সংগ্ৰহ কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ গৈছিল মহম্মদ তফিজ উদ্দিন নামৰ  BLO জন। নিয়ম অনুসৰি মৃত্যু হোৱাৰ বাবে হিয়াৰ আমঠু জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ কৰ্তন কৰিব লাগে। পিছে কেনেকৈনো তফিজ উদ্দিনে ভোটাৰ তালিকাৰ পৰা মচি দিব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। 

Read More- আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়াৰ বিপৰীতে মহম্মদ তফিজ উদ্দিনে জুবিন গাৰ্গৰ নামৰ বিপৰীতে লিখিলে,- ‘চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক’। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় নোপোৱাত অসন্তুষ্ট BLO গৰাকীয়ে কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম। 

Read More- বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা

BLO তফিজ উদ্দিন হৈছে দক্ষিণগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। SRক লৈয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহলৈ গৈছিল তেওঁ। কিন্তু জুবিন গাৰ্গে এইপৰ্যন্ত ন্যায় নোপোৱাত অসন্তুষ্ট BLO গৰাকীয়ে কৰ্তন নকৰিলে জুবিন গাৰ্গৰ নাম।  জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বিপৰীতে ভোটাৰ তালিকাত জুবিন গাৰ্গৰ নামৰ বিপৰীতে BLO গৰাকীয়ে লিখিলে আৱেগিক বাৰ্তা, ‘চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰশান্তি লাভ কৰক’। অৰ্থাত ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহয় জুবিন গাৰ্গৰ।

Advertisment
Advertisment