Assameseবহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতাবহু বিবাহ এটা বেমাৰ, এটা ব্যাধি। অসমৰ মহিলাসকলক বহু বিবাহৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব অসমৰ নাৰীসমাজ। Mrinmoy Talukdar Dec 01, 2025 14:42 ISTFILEPHOTOবহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতাবহু বিবাহ এটা বেমাৰ, এটা ব্যাধি। অসমৰ মহিলাসকলক বহু বিবাহৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিব অসমৰ নাৰীসমাজ। AdvertismentRead More- আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক'বহু বিবাহৰ নিচিনা বেমাৰ অসমীয়া সমাজৰ পৰা নাইকীয়া কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপ প্ৰসংশনীয়'। 'হয়তো অন্য ৰাজ্যত আনে ৰাজনীতিৰ উৰ্দ্ধত গৈ এনে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে'। 'ইয়াৰ বাবে মুখ্যমন্ত্ৰীক অসমৰ নাৰী সমাজে সদায়ে কৃতজ্ঞতা প্ৰকাশ কৰি গৈ থাকিব'। বহু বিবাহ প্ৰতিৰোধী বিধেয়কক লৈ প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ।Read More- 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰবহুবিবাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বহুবিবাহ ৰোধ কৰিবলৈ ইতিমধ্যে বিধানসভাত গৃহীত হৈছে বহুবিবাহ বিৰোধী আইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা-বহু বিবাহ কৰোৱা কোনো লোক সাৰি যাব নোৱাৰিব। এগৰাকীতকৈ অধিক বিয়া কৰাসকলে ৭ বছৰ জে’ল খাটিব লাগিব। বহু বিবাহ কৰি গ্ৰেপ্তাৰ হোৱাসকলে শীঘ্ৰে জামিনো নাপাব। Read More- ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰতাৰ পাছতেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক প্ৰশংসা অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ। অসমৰ প্ৰতি গৰাকী মহিলাৰ সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ যাত্ৰাত বিশ্বাসৰ লগতে সাহস আৰু অনুপ্ৰেৰণা যোগোৱাৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগে হাতত লৈছে 'বিশ্বাস যাত্ৰা' কাৰ্যসূচী। এই যাত্ৰাক নেতৃত্ব প্ৰদান কৰিছে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই। 'বিশ্বাস যাত্ৰা' কাৰ্যসূচীৰূপে দলটোৱে আজি উপস্থিত হৈছে নলবাৰীত। নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি আঙুৰলতা ডেকাই কয়, বহু বিবাহ এটা বেমাৰ । বহু বিবাহ, বাল্য বিবাহৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে অসমৰ নাৰী সমাজে সদায়ে কৃতজ্ঞতা প্ৰকাশ কৰি গৈ থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। Read More- ৰাজ্যত এতিয়া প্ৰৱঞ্চকৰ লুটপাত!AdvertismentAdvertisment Read the Next Article