Advertisment

আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

আৰক্ষীৰ মূলমন্ত্ৰ- জনহিত, জনসেৱাৰ্থে। কিন্তু আৰক্ষীৰ এই মূলমন্ত্ৰ ধোঁৱাচাঙত তুলিলে এগৰাকী আৰক্ষী‌ বিষয়াই। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰীৰ নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স।

 FILEPHOTO
FILEPHOTO

আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত
চাপৰ আৰক্ষীক লাগে গুণ্ডা টেক্স

আৰক্ষীৰ মূলমন্ত্ৰ- জনহিত, জনসেৱাৰ্থে। কিন্তু আৰক্ষীৰ এই মূলমন্ত্ৰ ধোঁৱাচাঙত তুলিলে এগৰাকী আৰক্ষী‌ বিষয়াই। চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰীৰ নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স।  

Advertisment

Read More- 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ

চাপৰ আৰক্ষী থানাক দিব লাগে গুণ্ডা টেক্স। প্ৰতিখন ইটাভৰ্ত্তি বলেৰো বাহনৰ পৰা লাগে অবৈধ ৰোড টেক্স। গুণ্ডা টেক্স নিদিলে জব্দ কৰে বাহনসমূহ। তাৰ পাছতেই ধনৰ বিনিময়ত জব্দ কৰা বাহন সমুহ। এই ধন সংগ্ৰহ তথা অবৈধ ৰোড টেক্সৰ মুল নায়কৰ ভূমিকাত চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰী। টকা সংগ্ৰহৰ দায়িত্বত চাপৰ আৰক্ষী থানাৰ কনিষ্ঠবল হিচাপে কৰ্মৰত বিষ্ণু শীল। এই অভিযোগ আমাৰ নহয়, এই ভয়ংকৰ অভিযোগ ইটাভৰ্তি বাহনৰ চালকসমূহৰ। 

Read More- ৰোগীৰ মুখত জোতা-চেণ্ডেল... ছালমান কবিৰাজৰ ভয়ংকৰ তন্ত্ৰ–মন্ত্ৰ

আৰক্ষীৰ মূলমন্ত্ৰ হৈছে জনহিত, জনসেৱাৰ্থে । কিন্তু চাপৰ আৰক্ষীয়ে যেন পাহৰি গৈছে এই মূলমন্ত্ৰ। জনহিত জনসেৱাৰ্থেৰ বিপৰীত দৃশ্য এতিয়া চাপৰ আৰক্ষী থানাত। চাপৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাওতি বসুমতাৰীৰ নেতৃত্বত চাপৰত আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ লৈছে গুণ্ডা টেক্স। পুৱতি নিশা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হোৱা হোৱা প্ৰতিখন ইটাভৰ্তি বলেৰো বাহনক খেদি খেদি জব্দ কৰে আৰক্ষীয়ে। পিছলৈ ধনৰ বিনিময়ত এৰি দিয়ে এই জব্দকৃত বাহন সমূহ। চাপৰ আৰক্ষীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চালক সকলে।

Read More- বিৰোধীৰ বাবে 'চশমাজ্যোতি আঁচনি'! কোন বিধায়কে দাবী কৰিলে 'চশমাজ্যোতি আঁচনি'ৰ?

উল্লেখযোগ্য যে বৃহত্তৰ চাপৰ অঞ্চলত কেইবাটাও ইটা ভাটা আছে। এই ইটা ভাটা সমূহৰ পৰা ইটা সমূহ নামনি অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰা হয়। বিশেষকৈ বলেৰো বাহনৰ স্বতাধিকাৰী তথা চালক সকলে ইটা উদ্যোগৰ পৰা ইটা ক্ৰয় কৰি বিভিন্ন ঠাইত বিক্ৰী কৰিবলৈ নিয়ে। তেনে অৱস্থাত উক্ত বাহন সমুহ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি কৰায়ত্ব কৰে চাপৰ আৰক্ষীয়ে। পিছত ধনৰ‌ বিনিময়ত উক্ত বাহন সমূহ এৰি‌ দিয়ে বুলি অভিযোগ উত্থাপন কৰে ভূক্তভোগী  চালকসকলে। এই ধন সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিছে আৰক্ষী কনিষ্টবল হিছাপে কৰ্মৰত বিষ্ণু শীল নামৰ এজন জোৱানক। এই‌ বিষ্ণু শীল নামৰ চাপৰৰ স্থানীয় কনিষ্টবল জনে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাওটি বসুমতাৰীৰ‌ হৈ সংগ্ৰহ কৰে ধন। 

Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন

এতিয়া প্ৰশ্ন হৈছে, কাৰ বলত বলিয়ান হৈ দিন দুপৰতে‌ এনেদৰে কনিষ্টবলৰ হতুৱাই গুণ্ডাৰাজ‌ চলাইছে অ'চি মাওতি বসুমতাৰীয়ে। ফলত উপায়ন্তৰ হৈ চালক সকলে মুখ্যমন্ত্ৰীৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বিষয়টোত হস্তান্তৰ কৰিবলৈ আহ্বান জনাইছে। 

Advertisment
Advertisment