Assameseজৰুৰী সময়তো এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চ সেৱাজৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চৰ সেৱা। সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধি, বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাত দুৰ্ভোগ ভূগিছে লাখ লাখ লোকে। Mrinmoy Talukdar Dec 02, 2025 14:41 ISTFilephotoজৰুৰী সময়তো এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চ সেৱাজৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চৰ সেৱা। সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধি, বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাত দুৰ্ভোগ ভূগিছে লাখ লাখ লোকে। AdvertismentRead More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰৰাজ্যজুৰি এতিয়া অচল 108 মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা। অত্য়ন্ত জৰুৰী সময়তো এতিয়া আপুনি 108 এম্বুলেঞ্চৰ সেৱা নাপাব। অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত দুৰ্ভোগ ৰাজ্যৰ লাখ লাখ লোকৰ।Read More- জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰগুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত দ্বিতীয় দিনাও উত্তাল প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ বিপদকালত সদায়েই আগত থকা কৰ্মচাৰীসকলৰ। সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধি, বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। মৃত্যুঞ্জয় কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া কেইবাটাও দাবী পূৰণ কৰা নাই চৰকাৰে। যাৰ বাবে এতিয়া সমূলি স্থবিৰ হৈ পৰিছে গুৰুত্বপূৰ্ণ সেৱাটিৰ কাম-কাজ।Read More- CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতিমৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগত হাঁহাকাৰ। কাৰণ হাজাৰ-হাজাৰ স্বাস্থ্য কৰ্মীয়ে এতিয়া চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত একত্ৰিত হ'ল হাজাৰ হাজাৰ মৃত্যুঞ্জয় কৰ্মচাৰী। কেইবাটাও দাবীৰে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মৃত্যুঞ্জয় কৰ্মীসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। Read More- প্ৰথমে দুই বন্ধুৰ মাজত কাজিয়া, তাৰ পাছতেই গুলীচালনাউল্লেখ্য যে বিগত প্ৰায় ১৭ বছৰে জনতাৰ বাবে 108ৰ জৰিয়তে এই সকল কৰ্মচাৰীয়ে সেৱা আগবঢ়ায় আহিছে। কিন্তু আজি আপোনাৰ-মোৰ বিপদকালত সদায়েই আগত থকা কৰ্মচাৰীসকলে ভুগিছে চৰম নিৰাপত্তাহীনতাত। নিৰাপত্তাহীনতাত ভোগা এই কৰ্মচাৰীসকলে এতিয়া চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই ক্ষেত্ৰত এতিয়া বিয়াগোম স্বাস্থ্য বিভাগ তথা চৰকাৰে এই সকল কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।Read More- 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰAdvertismentAdvertisment Read the Next Article