Advertisment

CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত CRPFৰ উদ্ভণ্ডালি! CRPFৰ উদ্ভণ্ডালিক লৈ নিশা উত্তপ্ত পৰিস্থিতি।  নাকা চেকিঙৰ নামত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি সন্ত্ৰাস চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। 

 Filephoto
Filephoto

CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত CRPFৰ উদ্ভণ্ডালি! CRPFৰ উদ্ভণ্ডালিক লৈ নিশা উত্তপ্ত পৰিস্থিতি।  নাকা চেকিঙৰ নামত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি সন্ত্ৰাস চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। 

Advertisment

Read More- শ্রীলংকাত তাণ্ডৱ সৃষ্টি কৰা ডিটৱাহ এতিয়া ভাৰতত!

সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ চুঙাজানত CRPFৰ দাদাগিৰিক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি । স্থানীয় ব্যৱসায়ীক CRPFএ হাৰাশাস্তি কৰাত ক্ষোভিত ৰাইজ। নাকা চেকিঙৰ নামত নখুঁটিত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি  সন্ত্ৰাস চলোৱাৰ অভিযোগ। আনহাতে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো অপদস্থ CRPFৰ। ১৫৫ নং বেটেলিয়নৰ বিষয়া-জোৱানৰ কাণ্ডত জাঙুৰ খাই উঠিছে ৰাইজ।

Read More- আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

ঘটনা অনুসৰি নাকা তালাচীৰ নামত ৭-৮ ঘণ্টা বিভিন্ন সামগ্ৰী কঢ়িওৱা যান বাহন নখুটি CRPF কেম্পৰ সন্মূখত  আবদ্ধ কৰি থোৱাৰ লগতে ধন দাবীৰ দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল ১৫৫ নং CRPFৰ নখুটি কেম্পৰ বিৰুদ্ধে । ব্যৱসায়ী সকলৰ অভিযোগৰ ভিত্তিত CRPFক প্ৰশ্ন কৰিছিল সাংবাদিকে । তাৰ পাছতে কৰ্তব্যৰত  সাংবাদিকৰ ওপৰত জপিয়াই পৰে CRPFৰ দলটো । কেৱল জপিয়াই পৰাই নহয়, অৱদ্ধ কৰি ৰাখে সাংবাদিকৰ দলটোক। এই ঘটনাৰ খবৰ পাই জাঙুৰ খাই উঠে স্থানীয় ৰাইজ। নিশাই CRPF শিবিৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। তাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ইয়াৰ পাছতেই সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক , সীমান্ত দণ্ডাধীশ আৰু প্ৰশাসনৰ বিষয়ববীয়া সকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে। ইতিমধ‍্যেই ঘটনা সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত  CRPFৰ বিষয়া মনোহৰ ঝাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা কৰিছে সাংবাদিক সকলে।

Read More-  আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

Advertisment
Advertisment