Advertisment

শ্রীলংকাত তাণ্ডৱ সৃষ্টি কৰা ডিটৱাহ এতিয়া ভাৰতত!

দ্বীপৰাষ্ট্র শ্রীলংকাত ডিটৱাহৰ তাণ্ডৱ। ডিটৱাহৰ তাণ্ডৱত এইপৰ্যন্ত ৩৩৪ জনৰ মৃত্যু। প্ৰচণ্ড ধুমুহা আৰু প্ৰচুৰ বৰষুণত তচনচ হৈ পৰিছে দ্বীপৰাষ্ট্র। উত্তৰ তামিলনাড়ু, পুডুচেৰী, দক্ষিণ অন্ধ্রপ্রদেশৰ উপকূলৱৰ্তী অঞ্চলতো পৰিছে ডিটৱাহৰ প্ৰভাৱ। 

 Filephoto
Filephoto

শ্রীলংকাত তাণ্ডৱ সৃষ্টি কৰা ডিটৱাহ এতিয়া ভাৰতত!

দ্বীপৰাষ্ট্র শ্রীলংকাত ডিটৱাহৰ তাণ্ডৱ। ডিটৱাহৰ তাণ্ডৱত এইপৰ্যন্ত ৩৩৪ জনৰ মৃত্যু। ভয়ংকৰ বানত বুৰিছে ইটোৰ পাছত সিটো অঞ্চল। প্ৰচণ্ড ধুমুহা আৰু প্ৰচুৰ বৰষুণত তচনচ হৈ পৰিছে দ্বীপৰাষ্ট্র। উত্তৰ তামিলনাড়ু, পুডুচেৰী, দক্ষিণ অন্ধ্রপ্রদেশৰ উপকূলৱৰ্তী অঞ্চলতো পৰিছে ডিটৱাহৰ প্ৰভাৱ। 

Advertisment

Read More- ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল... কাক ST(P), ST(H), ST(V) দিয়াৰ প্ৰস্তাৱ?

শ্রীলংকাত ঘূৰ্ণিবতাহ ডিটৱাহৰ তাণ্ডৱ অব্যাহত আছে। প্ৰচণ্ড ধুমুহা আৰু প্ৰচুৰ বৰষুণত তচনচ দ্বীপৰাষ্ট্র শ্রীলংকা। চাইক্লো’ন ডিটৱাহৰ বিপৰ্যয়ত শ্ৰীলংকাত এতিয়ালৈকে ৩৩৪ জনৰ মৃত্যু। দ্বীপৰাষ্ট্রখনৰ কেইবাটাও প্ৰান্তত এই পৰ্যন্ত সন্ধানহীন হৈ আছে প্ৰায় ৩৭০ জন লোক। 

Read More-আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

চাইক্লো’ন ডিটৱাহৰ বাবে শ্ৰীলংকাত স্কুল, কলেজ, বিশ্ববিদ্যালয় সকলো বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। বিপর্যয় মোকাবিলা কৰিবলৈ দেশখনৰ দুৰ্যোগ প্ৰশমন বিভাগে চলাইছে যুদ্ধকালীন তৎপৰতা।  চাইক্লো’ন ডিটৱাহৰ বিপৰ্যয়ত দ্বীপৰাষ্ট্র খনৰ বহু হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে চাইক্লোন ডিটৱাহৰ বাবে বহু দেশৰ পৰ্যটক আবদ্ধ হৈ পৰিছে দ্বীপৰাষ্ট্র শ্ৰীলংকাত। শ্ৰীলংকাত এই পৰ্যন্ত মৃত্যু হৈছে ৩৩৪ জন লোকৰ । চাইক্ল’ন ডিটৱাহৰ ফলত শ্ৰীলংকাৰ ঠায়ে ঠায়ে ৩০০ মিলিমিটাৰলৈকে বৰষুণ হৈছে। ধুমুহা বৰষুণৰ মাজতে ঠায়ে ঠায়ে নমা ধলত ধ্বংস হৈছে বহু অঞ্চলৰ ঘৰ-বাৰী। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ পূব আৰু মধ্য অঞ্চল।

Read More- বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা

সাগৰীয় ঘূৰ্ণি ডিটৱাহৰ বাবে ভাৰতৰ উপকূলৱৰ্তী অঞ্চলত বিশেষ সতৰ্কতা গ্ৰহণ কৰা হৈছে। চাইক্লো’ন ডিটৱাহৰ প্ৰভাৱ পৰিব দেশৰ কেইবাখনো ৰাজ্যত। ইতিমধ্যে উত্তৰ তামিলনাড়ু, পুডুচেৰী, দক্ষিণ অন্ধ্রপ্রদেশৰ উপকূলত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চাইক্ল’ন ডিটৱাহৰ প্ৰভাৱত তামিলনাডুত অতিবৃষ্টিৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যখনত চাইক্লো’ন ডিটৱাহৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যখনৰ উপকূলৱৰ্তী অঞ্চলত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। একেধৰণৰ সতর্কতামূলক পদক্ষেপ লৈছে অন্ধ্রপ্রদেশ আৰু পুডুচেৰী প্ৰশাসনেও। মাছমৰীয়াক সাগৰলৈ নাযাবলৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা।

Read More- 'চৰকাৰে দিয়া ঘৰ চৰকাৰেই ভাঙি পেলাইছে, আমি ক'লৈ যাম?' লুটুমাৰীত লোতক বৈ আহিল উচ্ছেদিতৰ

Advertisment
Advertisment