Advertisment

প্ৰথমে দুই বন্ধুৰ মাজত কাজিয়া, তাৰ পাছতেই গুলীচালনা

খাৰুপেটীয়াত ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধুৰ মাজত লগা কাজিয়াৰ মাজতে এজনৰ আনজনলৈ গুলীবৰ্ষন ৷  গুলীবৰ্ষনত  বুকুত গুলী লাগি চিকিত্‍সাধীন মুন্না সাহা নামৰ এজন।

 Filephoto
Filephoto

প্ৰথমে দুই বন্ধুৰ মাজত কাজিয়া, তাৰ পাছতেই গুলীচালনা 
খাৰুপেটীয়াত চাঞ্চল্য!

Advertisment

খাৰুপেটীয়াত ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধুৰ মাজত লগা কাজিয়াৰ মাজতে এজনৰ আনজনলৈ গুলীবৰ্ষন ৷  গুলীবৰ্ষনত বুকুত গুলী লাগি চিকিত্‍সাধীন মুন্না সাহা নামৰ এজন। 

Read More- বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা

খাৰুপেটীয়াত সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ দুজন বন্ধুৰ মাজত হোৱা কাজিয়াৰ পিছতে এজনৰ আনজনলৈ গুলীবৰ্ষন ৷ দৰঙৰ খাৰুপেটীয়াৰ মাজমজিয়াত নিশা সংঘটিত গুলি চালনাৰ ঘটনাৰ পিছতেই সমগ্ৰ খাৰুপেটীয়া অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷ 

Read More-আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

জানিব পৰা মতে কালি নিশা খাৰুপেটীয়া গোপালনগৰস্থিত এখন জুৱেলাৰী দোকানৰ ভিতৰত সংঘটিত হৈছে এই ভয়ংকৰ ৷ গুলীচালনাৰ ফলত গোপালনগৰৰ মুন্না সাহা নামৰ যুৱক এজন গুলীবিদ্ধ হৈ বৰ্তমান গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ মুন্না সাহাৰ বুকুত তিনিটাকৈ গুলি লাগে। গুলীচালনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় খাৰুপেটীয়া আৰক্ষী।

Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

খাৰুপেটীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইটালীত নিৰ্মিত এটা অটোমেটিক পিষ্টল, দুই জাই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত অনন্ত বিশ্বাসক আটক কৰে ৷ ইপিনে গুলীচাললনাৰ ঘটনাক লৈ স্থানীয় ৰাইজে  কয় যে, মুন্না সাহা নামৰ যুৱকজন হৈছে এজন সূদৰ ব্যৱসায়ী৷  প্ৰায় এবছৰ পূৰ্বে মুন্নাই অনন্তক দুই লাখ টকা সূদত দিছিল ৷ তাৰে এক লাখ টকা সূদসহ অনন্তই ঘুৰাই দিয়ে আন এক লাখ টকাৰ বাবদ মুন্নাই অনন্তক হেঁচা প্ৰদান কৰাৰ লগতে দাবী ধমকিও দিছিল ৷  

Read More- CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

তাৰ পাছতেই সোমবাৰে নিশা প্ৰায় ৯ মান বজাত মুন্না সাহাই অনন্ত বিশ্বাসৰ জুৱেলাৰী দোকানলৈ গৈ মদ্যপান কৰে ৷ মদ্যপান কৰি থকাৰ মাজতে সূদৰ টকাক লৈ দুয়োজনৰ মাজত প্ৰথমে কথাৰ কটাকটি হয় আৰু তাৰ পাছতেই দুয়োজনৰ মাজত কাজিয়াৰ সৃষ্টি হয় ৷ অভিযোগ অনুসৰি কাজিয়াৰ সময়তে মুন্না সাহা পিষ্টল উলিৱাই অনন্ত বিশ্বাসক ধমকি দিয়ে যদিও অনন্তই পিষ্টল কাঢ়ি মুন্নাৰ বুকুত তিনি ৰাউন্ড গুলীবৰ্ষন কৰে ৷ ইপিনে মুন্না সাহাৰ অনুজ্ঞাপত্ৰ বিহীন বিদেশী পিষ্টলক লৈ খাৰুপেটীয়া অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে ৷

Read More-আৰক্ষীৰ মূলমন্ত্ৰ ধোঁৱাচাঙত, গুণ্ডা টেক্স লাগে চাপৰ আৰক্ষীক

Advertisment
Advertisment