AssameseIPL ২০২৬ৰ নিলামত টকাৰ বৰষুণIPL ২০২৬ৰ নিলামত অভিলেখ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ। IPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈৰূপে পৰিগণিত হ'ল গ্ৰীণ। আবুধাবিত আজি অনুষ্ঠিত নিলামত ২৫.২০ কোটি টকাত KKR-এ ক্ৰয় কৰিলে গ্ৰীণক। Mrinmoy Talukdar Dec 16, 2025 21:40 ISTFilephotoIPL ২০২৬ৰ নিলামত টকাৰ বৰষুণঅষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ অভিলেখAdvertismentIPL ২০২৬ৰ নিলামত অভিলেখ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ। IPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈৰূপে পৰিগণিত হ'ল গ্ৰীণ। আবুধাবিত আজি অনুষ্ঠিত নিলামত ২৫.২০ কোটি টকাত KKR-এ ক্ৰয় কৰিলে গ্ৰীণক। Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনিআবুধাবিত অনুষ্ঠিত হৈছে আই পি এল ২০২৬ৰ নিলাম। এই নিলামত অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ ওপৰত হৈছে টকাৰ বৰষুণ। গ্ৰীণক ক্ৰয় কৰিবলৈ শেষ মূহূৰ্ত্তলৈকে কেইবাটাও দলে চেষ্টা কৰিছিল যদিও অৱশেষত ২৫.২০ কোটি টকাৰ বিনিময়ত KKR দলে গ্ৰীণক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। KKR দলে গ্ৰীণক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ লগে লগে গ্ৰীণ হৈ পৰিল IPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈ। আনহাতে IPL ২০২৬ নিলামৰ দ্বিতীয়গৰাকী ব্যয়বহুল খেলুৱৈ হৈছে শ্ৰীলংকাৰ মথিছা পাথিৰানা। ১৮ কোটি টকাত KKR-এ ক্ৰয় কৰিলে শ্ৰীলংকাৰ পেচাৰগৰাকীক। Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰকেমেৰন গ্ৰীণে এইপৰ্যন্ত IPLত ৭০৭ ৰান সংগ্ৰহ কৰাৰ লগত ১৬টা উইকেট দখল কৰিছে। উল্লেখ্য যে ২০২৩ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ IPL অভিষেক ঘটিছিল কেমেৰণ গ্ৰীণৰ। তাৰ পিছত ২০২৪-২৫ বৰ্ষৰ IPLত আৰ চি বিৰ হৈ খেলিছিল যদিও IPL ২০২৬ৰ মিনি নিলামৰ পূৰ্বে আৰ চি বিয়ে দলৰ পৰা মুকলি কৰি দিছিল গ্ৰীণক।Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইনIPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈকেইগৰাকী হ'ল-কেমেৰন গ্ৰীণ – কলকাতা নাইট ৰাইডাৰ্ছ (২০২৬) – ২৫.২০ কোটি টকা মিচেল ষ্টাৰ্ক – কলকাতা নাইট ৰাইডাৰ্ছ (২০২৪) – ২৪.৭৫ কোটি টকা পেট কামিন্স – ছানৰাইজাৰ্ছ হায়দৰাবাদ (২০২৪) – ২০.৫০ কোটি টকা ছেম কাৰাণ – পঞ্জাৱ কিংছ (২০২৩) – ১৮.৫০ কোটি টকা কেমেৰন গ্ৰীণ –মুম্বাই ইণ্ডিয়ানছ (২০২৩) – ১৭.৫০ কোটি টকা ক্ৰীছ মৰিছ – ৰাজস্থান ৰয়েলছ (২০২১) – ১৬.২৫ কোটি টকা বেন ষ্ট’কছ – চেন্নাই ছুপাৰ কিংছ (২০২৩) – ১৬.২৫ কোটি টকা নিকোলাছ পুৰাণ – লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (২০২৩) – ১৬ কোটি টকা পেট কামিন্স – কলকাতা নাইট ৰাইডাৰ্ছ (২০২০) – ১৫.৫০ কোটি টকা কাইল জেমিছন – ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (২০২১) – ১৫ কোটি টকাAdvertismentAdvertisment Read the Next Article