Assameseনীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনিনীলা জাৰ্ছিত আধিপত্য অব্যাহত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। শেহতীয়া ICCৰ ৰেংকিঙত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটাৰৰ দপদপনি। ICCৰ এদিনীয়া ৰেংকিঙত ৰোহিত শৰ্মা শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী। Mrinmoy Talukdar Dec 10, 2025 18:11 ISTFilephotoনীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনিনীলা জাৰ্ছিত আধিপত্য অব্যাহত আছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। শেহতীয়াভাৱে আজি ICCএ ঘোষণা কৰিলে নতুন এদিনীয়া ৰেংকিং। নতুন ৰেংকিঙত দেখিবলৈ পোৱা গৈছে ভাৰতীয় বেটাৰৰ দপদপনি। ICCৰ এদিনীয়া ৰেংকিঙত ৰোহিত শৰ্মা শীৰ্ষস্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিৰাট কোহলী। AdvertismentRead More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ'ৰো-কো' মানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় হৈছে 'ৰো-কো'। শেহতীয়াকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে।Read More- ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড।শেহতীয়াকৈ টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। ৰোহিত শৰ্মাৰ নেতৃত্বত বাৰ্বাডোজত টি-২০ বিশ্বকাপ আৰু ডুবাইত চেম্পিয়নছ জয়লাভ কৰিছিল টীম ইণ্ডিয়াই। বিগত ৯ মাহত দুটাকৈ ICCৰ ট্ৰফী আজুৰি অনাৰ পাছতো কিন্তু ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব পৰা অব্যাহতি দিছিল BCCIয়ে। তাৰ পাছত এতিয়া আকৌ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ ভৱিষ্যতক লৈ একাংশই চৰ্চা কৰিছে। Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!কিন্তু জল্পনা-কল্পনাৰ মাজতেই ২২ গজত নিজৰ প্ৰদৰ্শনেৰে যোগ্য প্ৰত্যুত্তৰ দিছে দুই তাৰকাই। প্ৰথমে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শক্তিশালী প্ৰদৰ্শন আৰু তাৰ পাছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাতো সমালোচকক বেটেৰে প্ৰত্যুত্তৰ দিছে দুই তাৰকাই। Read More- মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইনদক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত দুটা শতক আৰু এটা অৰ্ধশতকৰ সহায়ত বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছিল ৩০২ ৰান। এই সুবাদতে এদিনীয়া ৰেংকিঙত পুনৰ দপদপনি দেখিবলৈ পোৱা গৈছে বিৰাট কোহলীৰ। আজি ঘোষিত নতুন ICC ৰেংকিঙত ৭৭৩ পইণ্টেৰে ICC এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিছে কোহলীয়ে। Read More- ৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰআনহাতে এদিনীয়া ৰেংকিঙত শীৰ্ষস্থান অব্যাহত আছে ৰোহিত শৰ্মাৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দুটা অৰ্ধশতকৰ সহায়ত ৰোহিতে সংগ্ৰহ কৰিছিল ১৪৬ ৰান। এই সুবাদতে ৭৮১ পইণ্টেৰে এদিনীয়া ৰেংকিঙত শীৰ্ষস্থান অব্যাহত আছে ৰোহিত শৰ্মাৰ।AdvertismentAdvertisment Read the Next Article