Assamese৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰটেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।Mrinmoy Talukdar Nov 22, 2025 18:01 ISTFILEPHOTO৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰটেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬। Advertismentপোন প্ৰথমবাৰৰ বাবে গুৱাহাটী হ’ল টেষ্ট মেচৰ ভেন্যু। আজিৰে পৰা বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট। টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ। দিনটোৰ শেষলৈকে দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬। দক্ষিণ আফ্ৰিকাৰ হৈ ষ্টাবছে সৰ্বাধিক ৪৯ আৰু বাভুমাই ৪১ ৰানৰ ইনিংছ খেলে। ভাৰতৰ হৈ কুলদ্বীপ যাদৱে সৰ্বাধিক ৩টা, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা আৰু মহম্মদ চিৰাজে ১টাকৈ উইকেট দখল কৰে। উত্তৰ পূৰ্বাঞ্চল তথা অসমভূমিৰ সেউজ ঘাঁহনিত সৰ্ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ল টেষ্ট মেচ। প্ৰথমবাৰৰ বাবে গৃহৰাজ্যত টেষ্ট ক্ৰিকেট উপভোগৰ সুযোগ লাভ কৰিলে ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে। উল্লেখ্য যে ইয়াৰ পূৰ্বে বৰ্ষাপাৰাই আয়োজন কৰিছে সীমিত অভাৰৰ আন্তঃৰাষ্ট্ৰীয় মেচ। ২০১৭ চনৰ ১০ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল এই টি-২০ মেচখন। আনহাতে ২০১৮ চনৰ ২১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ।কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত ৩০ ৰানৰ ব্যৱধানত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। গতিকে বৰ্ষাপাৰাত আজিৰে পৰা আৰম্ভ হোৱা টেষ্ট খন হৈছে টীম ইণ্ডিয়াৰ বাবে আত্মসন্মান ৰক্ষাৰ যুঁজ। কাৰণ বৰ্ষাপাৰাত পৰাজয় মানেই আন এটা ঘৰুৱা শৃংখলা হেৰুৱাব টীম ইণ্ডিয়াই।AdvertismentAdvertisment Read the Next Article