Assameseটি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলটি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ১৫ জনীয়া দল ঘোষণা BCCIৰ। অক্ষৰ পেটেলক টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্ব। দীৰ্ঘবিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষানৰ। Mrinmoy Talukdar Dec 20, 2025 15:13 ISTFilephotoটি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলটি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ১৫ জনীয়া দল ঘোষণা BCCIৰ। অক্ষৰ পেটেলক টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্ব। দীৰ্ঘবিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষানৰ। AdvertismentRead More- খং উঠিল যশপ্ৰীত বুমৰাহৰ, কাঢ়ি নিলে অনুৰাগীৰ ফোন৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিছে এই বিশ্বকাপৰ। বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ'ল ১৫ জনীয়া ভাৰতীয় দল। টি-২০ বিশ্বকাপৰ বাবে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দললৈ দীৰ্ঘবিৰতিৰ অন্তত প্ৰত্যাৱৰ্তন উইকেটকীপাৰ বেটছমেন ঈশান কিষানৰ। উল্লেখ্য যে শেহতীয়া মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল ইশান কিশানে। ফাইনেলত ইশান কিশানৰ বিস্ফোৰক শতকৰ সুবাদতে ঝাৰখণ্ডই প্ৰথমবাৰলৈ চেম্পিয়ন হৈছিল চৈয়দ মুস্তাক আলী ট্ৰফীত। Read More- IPL নিলামত কোটিপতি আকিব নবি দাৰটি-২০ বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটো হৈছে- সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (উপ-অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন (উইকেটকীপাৰ), তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, যশপ্ৰীত বুমৰাহ, ৰিংকু সিংহ, হৰ্ষিত ৰাণা, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশ্বিংটন সুন্দৰ আৰু ঈশান কিষাণ (উইকেটকীপাৰ)। Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰটি-২০ বিশ্বকাপৰ দলৰ পৰা বাদ পৰিল শুভমন গিল। শেহতীয়া অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্বত আছিল শুভমন গিল। শুভমন গিলৰ ঠাইত এতিয়া টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে অলৰাউণ্ডাৰ অক্ষৰ পেটেলক। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লগীয়া টি-২০ বিশ্বকাপৰ ফাইনেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৮ মাৰ্চত অনুষ্ঠিত হ'ব।Read More- টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী!AdvertismentAdvertisment Read the Next Article