Advertisment

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।

 File Photo
File Photo

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!
ICCৰ দ্বাৰস্থ বাংলাদেশ ক্ৰিকেট ব’ৰ্ড

Advertisment

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে। সুৰক্ষাজনিত কাৰণৰ বাবেই বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক এই অনুৰোধ জনাইছে বুলি উল্লেখ কৰিছে।

Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ

BCCIৰ নিৰ্দেশনাৰ পাছতেই কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰ পৰা মুকলি কৰি দিয়াৰ পাছতেই এই সিদ্ধান্ত লৈছে বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক জনোৱা অনুসৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিৰাপত্তাজনিত কাৰণৰ বাবেই টি-২০ বিশ্বকাপৰ বাংলাদেশৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে। ব’ৰ্ডে উল্লেখ কৰা অনুসৰি ভাৰতৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশ চৰকাৰে নিজৰ দলৰ বিশ্বকাপৰ মেচসমূহ ভাৰতত অনুষ্ঠিত নকৰিবলৈ অনুৰোধ জনাইছে। লগতে আশা প্ৰকাশ কৰিছে যে ICCয়ে এই বিষয়টোত হস্তক্ষেপ কৰি অতি সোনকালে সমস্যাটো সমাধান কৰিব।

Read More- টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!

উল্লেখ্য যে BCCIৰ নিৰ্দেশমৰ্মে KKR দলে IPL২০২৬ৰ পৰা বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়াৰ পাছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেও এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে মুস্তাফিজুৰ ৰহমানক IPLত খেলিবলৈ ন’ অবজেশ্যন চাৰ্টিফিকেট (এন অ’ চি) প্ৰদান কৰিছিল যদিও KKR দলে মুস্তাফিজুৰক দলৰ পৰা মুকলি কৰি দিয়াৰ পিছতেই মুস্তাফিজুৰ ৰহমানৰ এন অ’ চি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে।

Read More- বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড

ভাৰতে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আয়োজন কৰিছে যদিও পাকিস্তানৰ খেলসমূহ শ্ৰীলংকাত অনুষ্ঠিত হ’ব। পাকিস্তানৰ দৰেই বাংলাদেশৰ মেচবোৰো এতিয়া ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও ICCয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

Advertisment
Advertisment