Assameseক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ!মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! ভাৰতীয় পেচ বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ ‘গুগলী’। ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত উপেক্ষিত হোৱা মহম্মদ ছামীলৈ এইবাৰ চমন জাৰি নিৰ্বাচনী আয়োগৰ। Mrinmoy Talukdar Jan 07, 2026 17:45 ISTFile Photoক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ!মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! ভাৰতীয় পেচ বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ ‘গুগলী’। ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত উপেক্ষিত হোৱা মহম্মদ ছামীলৈ এইবাৰ চমন জাৰি নিৰ্বাচনী আয়োগৰ। AdvertismentRead More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!বিপদে লগ এৰা নাই তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামীৰ। দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত বাবে বাৰে উপেক্ষিত হোৱা ছামীলৈ এইবাৰ নিৰ্বাচন আয়োগৰ চমন। পশ্চিম বংগত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ সন্দৰ্ভত মহম্মদ ছামি আৰু তেওঁৰ ভাতৃ মহম্মদ কাইফক চমন জাৰি কৰিছে নিৰ্বাচন আয়োগে।Read More- টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!ক্ৰিকেটাৰ মহম্মদ ছামী আৰু মহম্মদ কাঈফ ভাতৃদ্বয়ক চমন জাৰি নিৰ্বাচন আয়োগৰ। SIRত বিসংগতিৰ বাবেই কলকাতাৰ ক্ৰিকেটাৰদ্বয়লৈ চমন। ক্ৰিকেটাৰগৰাকীৰ প্ৰ-পত্ৰত বংশ আৰু শ্ব' মেপিঙত অমিল পোৱা গৈছে। যাৰ বাবে দুয়োজনকে সহকাৰী নিৰ্বাচন পঞ্জীয়কৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। উল্লেখ্য যে ৰাসবিহাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাসবিহাৰী ক্ষেত্ৰৰ ৯৩ নং ৱাৰ্ডৰ ভোটাৰ হৈছে মহম্মদ ছামী। Read More- কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰনিৰ্বাচন আয়োগে জাৰি কৰা জাননীত দুয়ো ভাতৃ মহম্মদ ছামি আৰু মহম্মদ কাইফক পশ্চিম বংগৰ ৰাজধানী কলকাতাত আয়োগৰ বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছে। জানিব পৰা মতে ৫ জানুৱাৰীত মহম্মদ ছামীক নিৰ্বাচনী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও ছামীয়ে বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰি থকা বাবে অহা ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীৰ ভিতৰত নিৰ্বাচনী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। Read More- টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দলউল্লেখ্য যে যোৱা ৫ জানুৱাৰীত ছামীয়ে নিৰ্বাচনী বিষয়াৰ সন্মুখত হাজিৰ হ’ব লাগিছিল। কিন্তু নিৰ্বাচন আয়োগলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি ছামীয়ে ব্যক্তিগতভাৱে হাজিৰ হ’ব নোৱাৰাৰ কথা প্ৰকাশ কৰিছে। ছামীয়ে নিৰ্বাচন আয়োগলৈ পত্ৰযোগে লিখিছে, "মই বৰ্তমান বিজয় হাজাৰে ট্ৰফীত বংগ দলক প্ৰতিনিধিত্ব কৰি ৰাজকোটত আছো। গতিকে ৫ জানুৱাৰীত হ'বলগীয়া শুনানিত মই উপস্থিত থাকিব নোৱাৰিম। এইখিনি অসুবিধাৰ বাবে মই ক্ষমা বিচাৰিছো, কিন্তু এই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ মই সম্পূৰ্ণৰূপে সাজু আছো। Read More- বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ডউল্লেখ্য যে মহম্মদ ছামীয়ে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াই আহিছে। চলিত বিজয় হাজাৰে ট্ৰফীত বংগৰ হৈ ছামীয়ে ৫খন মেচত ১১টা উইকেট দখল কৰিছে। আনহাতে চৈয়দ মুস্তাক আলী ট্ৰফীতো ছামীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল। কিন্তু ধাৰাবাহিকভাৱে ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন কৰাৰ পাছতো ছামীক উপেক্ষা কৰিছে টীম ইণ্ডিয়াৰ নিৰ্বাচক মণ্ডলীয়ে। যাৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া শৃংখলাতো ভাৰতীয় দলত অন্তৰ্ভুক্ত নহ'ল তাৰকা ক্ৰিকেটাৰগৰাকী।AdvertismentAdvertisment Read the Next Article