Advertisment

কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই!

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পক কৰ্তৃত্ব প্ৰদান কৰা এখন বিধেয়ক অনুমোদন কৰা হৈছে। ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰো অধিক অৱনতি কৰিছে।

 File Photo
File Photo

কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! 


ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পক কৰ্তৃত্ব প্ৰদান কৰা এখন বিধেয়ক অনুমোদন কৰা হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে কিহৰ বাবে এই বিধেয়ক? ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰো অধিক অৱনতি কৰিছে।

Advertisment

Read More- দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম

ভাৰতৰ ওপৰত পুনৰ শুল্ক আৰোপ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। শেহতীয়াকৈ তেওঁ এনে এখন বিধেয়কত অনুমোদন জনাইছে য’ত ৱাশ্বিংটনে ৰাছিয়াৰ পেট্ৰলিয়াম সামগ্ৰী ক্ৰয় কৰা দেশসমূহৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিব পাৰিব। বিধেয়কখন গৃহীত হোৱাৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা তেলৰ ওপৰত ৫০০% পৰ্যন্ত শুল্কৰ সন্মুখীন হ’ব পাৰে। ট্ৰাম্পৰ এই পদক্ষেপে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আৰু অধিক বেয়া কৰিছে।

Read More- কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

ট্ৰাম্পৰ অনুমোদনৰ পাছত যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ মূলৰ ইউৰেনিয়াম আৰু পেট্ৰলিয়াম সামগ্ৰীৰ বিনিময়ত জানি-বুজি থকা দেশসমূহৰ পৰা আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰী আৰু সেৱাৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত শুল্ক বৃদ্ধি কৰিব পাৰিব। আমেৰিকাৰ চিনেটৰ লিণ্ডচে গ্ৰেহামে এক্সৰ ওপৰত লিখা এটা পোষ্টত ভাৰতৰ নাম পোনপটীয়াকৈ উল্লেখ কৰিছে। গ্ৰেহামে কয় যে এই বিধেয়কখনে ৰাষ্ট্ৰপতি ট্ৰাম্পক চীন, ভাৰত, ব্ৰাজিলৰ দৰে দেশৰ বিৰুদ্ধে যথেষ্ট লিভাৰেজ প্ৰদান কৰিব যাতে তেওঁলোকে সস্তীয়া ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ বাধ্য হয়। তদুপৰি ৰাছিয়া বা ইয়াৰ হৈ কাম কৰাসকলে ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিৰ আলোচনা কৰিবলৈ অস্বীকাৰ কৰিলে এই বিধেয়কখনে ৫০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিব।

Read More- স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰক

উল্লেখ্য যে কেইদিনমান পূৰ্বে ভাৰতক ভাবুকি দি ট্ৰাম্পে কৈছিল- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি মাৰ্কিন ৰাষ্ট্ৰপতি  ড’নাল্ড ট্ৰাম্পে কৈছিল- ৰাছিয়াৰ সৈতে ভাৰতে তেলৰ ব্যৱসায় বন্ধ নকৰিলে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধি কৰা হ'ব।

Advertisment
Advertisment