Advertisment

দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম

SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি।

 File Photo
File Photo

দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম

SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি।

Advertisment

Read More- জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা

দেশৰ ভিতৰতে সৰ্বাধিক ২.৮৯ কোটি ভোটাৰৰ নাম বাদ পৰিল উত্তৰ প্ৰদেশত। পূৰ্বৰ ভোটাৰ তালিকাত আছিল ১৫.৪৪ কোটি ভোটাৰ। কিন্তু খচৰা তালিকা প্ৰকাশৰ পাছতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল ১২.৫৫ কোটি ভোটাৰৰ নাম। 

Read More- বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰী

উল্লেখ্য যে খচৰা ভোটাৰ তালিকাত ৰাজ্যখনৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। SIR প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগে ২.৮৯ কোটি ভোটাৰৰ নাম কৰ্তনৰ পাছতে এতিয়া খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছে ১২.৫৫ কোটি ভোটাৰৰ নাম। আনহাতে ভোটাৰসকলে নিজৰ নাম অন্তৰ্ভুক্তিকৰণ, সংশোধন বা যিকোনো ওজৰ আপত্তি থাকিলে অভিযোগ দিব পাৰিব। অভিযোগ দিবলৈ ইতিমধ্যে সময়সীমা বান্ধি দিয়া হৈছে। ওজৰ আপত্তি থাকিলে ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ এমাহৰ বাবে সময়সীমা বান্ধি দিছে নিৰ্বাচন আয়োগে। 

Read More- কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটাৰ তালিকাৰ পৰা ২.৮৯ কোটি ভোটাৰৰ নাম আঁতৰোৱাৰ প্ৰধান কাৰণ হ'ল- 

# মৃত্যু হোৱা ভোটাৰ
# স্থায়ীভাৱে আন জিলা বা ৰাজ্যলৈ স্থানান্তৰিত হোৱা ভোটাৰ
# ডুপ্লিকেট পঞ্জীয়ন, য’ত এজন ভোটাৰৰ নাম এটাতকৈ অধিক ঠাইত দেখা গৈছিল
# গণনা প্ৰ-পত্ৰ জমা নিদিয়া ভোটাৰসকল
# দীৰ্ঘদিন ধৰি অনুপস্থিত ভোটাৰ যিসকলৰ ঠিকনা পৰীক্ষা কৰিব পৰা নগ’ল

Read More- বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰ

নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশৰ সকলো নাগৰিককে খচৰা ভোটাৰ তালিকাত নাম পৰীক্ষা কৰি প্ৰয়োজন হ’লে তৎকালীনভাৱে সংশোধনী দাখিল কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ দ্বাৰা প্ৰতিজন যোগ্য ভোটাৰে আগন্তুক নিৰ্বাচনত কোনো সমস্যা নোহোৱাকৈ অংশগ্ৰহণ কৰিব পাৰিব।

Advertisment
Advertisment