Advertisment

জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। হাড় কঁপোৱা শীতৰ বাবেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে আকৌ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 

 File Photo
File Photo

জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা


প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। হাড় কঁপোৱা শীতৰ বাবেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে আকৌ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 

Advertisment

Read More- স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰক

পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে জিলাই জিলাই বৃদ্ধি কৰা হৈছে বিদ্যালয় বন্ধৰ সময়সীমা। প্ৰচণ্ড শীতৰ বাবেই এইবাৰ বন্ধ ঘোষণা কৰা হৈছে ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান। প্ৰশাসনে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ১০ জানুৱাৰীলৈকে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান। 

Read More- ভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে...

ঘন কুঁৱলী, শীতৰ প্ৰকোপৰ বাবে ব্যাহত হৈছে ধুবুৰীৰ জনজীৱন। বিদ্যালয়ত অহা-যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলো ভিন্ন সমস্যাৰ সন্মুখীন হৈছে। কেৱল ধুবুৰীতেই নহয়, বৰপেটা জিলাৰ বিদ্যালয়সমূহো ৭ জানুৱাৰীৰ পৰা ১০জানুৱাৰীলৈ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। একেদৰে নলবাৰী জিলাতো ১০ জানুৱাৰীলৈ বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়। 

Read More- বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

লগতে ৮ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰী লৈ ডিমা হাছাও জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিছে প্ৰশাসনে। অৱশ্যে বন্ধ ঘোষণা কৰিলেও দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সময়সূচী অনুযায়ীয়েই অনুষ্ঠিত হ'ব। আনহাতে ধেমাজি জিলাত বিদ্যালয়সমুহৰ পাঠদান আৰম্ভ হ’ব পুৱা ১০ বজাৰ পৰা। বিশ্বনাথ জিলাতো নিম্ন প্ৰাথমিক বিদ্যালয় সমূহত পুৱা ১০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ  চলিব পাঠদান। লগতে উচ্চ প্ৰাথমিক বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’ব পাঠদান। আগন্তুক ১৩ জানুৱাৰীলৈ বাহাল থাকিব বিশ্বনাথ জিলাত এই নিৰ্দেশনা। 

Read More- 'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?

ডিব্ৰুগড় জিলাতো প্ৰতিখন বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব পাঠদান। আনহাতে কামৰূপ মেট্ৰ’ৰ অধীনৰ শিক্ষানুষ্ঠান সমূহ খোলাৰ নতুন সময়সূচী জাৰি কৰিছে প্ৰশাসনে। কামৰূপ মেট্ৰ’ৰ প্ৰতিখন বিদ্যালয়ে পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰিব পাৰিব পাঠদান প্ৰক্ৰিয়া। মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ খোলা থাকিব লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকত পুৱা ১০ বজাৰ পৰা ২.৩০ বজালৈ চলিব পাঠদান প্ৰক্ৰিয়া।

Read More- এখন বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰয়াস

Advertisment
Advertisment