Assamese'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?বিজেপি চৰকাৰৰ দিনত বিপন্ন হৈছে গণতন্ত্ৰ। বিজেপিৰ সভালৈ নগ'লে ৰাইজক আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে, এয়াই শেষ ষড়যন্ত্ৰ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। Mrinmoy Talukdar Jan 04, 2026 19:51 ISTFile Photo'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?বিজেপি চৰকাৰৰ দিনত বিপন্ন হৈছে গণতন্ত্ৰ। বিজেপিৰ সভালৈ নগ'লে ৰাইজক আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে, এয়াই শেষ ষড়যন্ত্ৰ। ৰাইজ এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। AdvertismentRead More- কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?গৌৰীপুৰত কংগ্ৰেছৰ 'সংবিধান বচাও, গণতন্ত্র বচাও' পদযাত্রাত অংশগ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰি ৰকিবুল হুছেইনে ক'লে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে। এয়াই শেষ ষড়যন্ত্ৰ, ইয়াৰ পিছত অসমৰ ৰাইজ বিজেপিৰ বিৰোধী হ'ব। অত্যাচাৰী শাসকক আমি শাসনৰ পৰা আঁতৰাব লাগে। লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে জুবিন গাৰ্গে ন্যায় নাপায় বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। Read More- বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰলগতে ৰকিবুল হুছেইনে ক'লে- বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাইজ স্বতস্ফূৰ্তভাৱে ওলাই আহিছে। আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দি বিজেপিৰ নেতাই মানুহ আনে হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ। কিন্তু ইয়াৰ বিপৰীতে ঘৰৰ কাম-কাজ এৰি হলেও আজিকালি কংগ্ৰেছৰ সভালৈ মানুহ নিজেই আহে। এয়াই হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্য। Read More- আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ অসমলৈ আহিছে বদৰুদ্দিন আজমল। যিমান ষড়যন্ত্ৰ কৰিলেও এইবাৰ ৰক্ষা নাই। এয়াই হিমন্ত বিশ্ব শৰ্মাৰ শেষ ষড়যন্ত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে। তাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব। লগতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমনক এশিকনি দিবলৈ অসমৰ ৰাইজ সাজু হৈছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।AdvertismentAdvertisment Read the Next Article