Assameseআহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫টা সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদে। ইতিমধ্যে DY365ৰ হাতত পৰিছে জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা। কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিব অজাপই?Mrinmoy Talukdar Jan 04, 2026 19:44 ISTFile Photoআহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?২০২৬ৰ নিৰ্বাচনলৈ সাজু হৈছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দল। কোন দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়াও হৈছে নিশ্চিত। ২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫টা সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদে। ইতিমধ্যে DY365ৰ হাতত পৰিছে জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা।AdvertismentRead More- কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?২০২৬ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ। DY365ৰ হাতত পৰা তালিকা অনুসৰি ১৫ খন আসনত নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাইছে AJP-এ। ইতিমধ্যে বিৰোধী মিত্ৰজোঁটক ১৫খন আসনত নিৰ্বাচন খেলাৰ প্ৰস্তাৱ দিছে AJP-এ ।Read More- ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দামআনহাতে নিৰ্বাচনৰ পূৰ্বে কেইবাগৰাকীও ভিন্ন দলৰ প্ৰাক্তন বিধায়কে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি চৰ্চা চলিছে। ইতিমধ্যে চৰ্চালৈ আহিছে প্ৰাক্তন বিধায়ক তাৰা প্ৰসাদ দাস আৰু উৎপল দত্তৰ নাম। টিকতৰ নিশ্চয়তা পালেই এই দুই প্ৰাক্তন বিধায়কে যোগদান কৰিব অজাপত। কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে অজাপ-নামনি অসমৰ বজালী, পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী সাজু কৰিছে জাতীয় পৰিষদে। বৰপেটা আৰু টিহু সমষ্টি বিচাৰিও বিৰোধী মিত্ৰজোঁটলৈ প্ৰস্তাৱ আগবঢ়াইছে জাতীয় পৰিষদে। আনহাতে উজনি অসমৰ শদিয়া, ডিগবৈ, খোৱাং, মাহমৰা আৰু সৰুপথাৰত প্ৰাৰ্থী দিব অসম জাতীয় পৰিষদে। Read More- ন্যায় নাপাব নেকি জুবিন গাৰ্গে? নিজাববীয়াকৈ অধিবক্তা ল'লে অভিযুক্তই!উত্তৰ অসমত ধেমাজি, লক্ষিমপুৰত প্ৰাৰ্থী দিয়াৰ প্ৰস্তুতি চলাইছে দলটোৱে। বৰাকতো শ্ৰীভুমিৰ এটা সমষ্টি বিচাৰিছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অজাপই। মধ্য অসমৰ নগাঁও, বঢ়মপুৰত প্ৰাৰ্থী থিয় কৰাব AJPয়ে। ইতিমধ্যে বিন্নাকান্দি সমষ্টিৰ বাবেও প্ৰাৰ্থী সাজু হৈছে অসম জাতীয় পৰিষদৰ। আনহাতে এই ১৫ টা সমষ্টিৰ উপৰিও বিহপুৰীয়া আৰু তেজপুৰতো প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা AJPৰ। Read More- কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?উল্লেখ্য যে বিৰোধী মিত্ৰজোঁটৰ সৈতে কেইবালানিও আলোচনা মিলিত হৈ জাতীয় পৰিষদে সাজু কৰিছে প্ৰাৰ্থী তালিকা। কিন্তু লক্ষ্যনীয় হ'ব অসম জাতীয় পৰিষদৰ এই প্ৰস্তাৱক কেনেদৰে গ্ৰহণ কৰে বিৰোধী মিত্ৰজোঁটে ।AdvertismentAdvertisment Read the Next Article