Assamese১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম। ধঁপাত আৰু পাণমচলাত GSTৰ পৰিৱৰ্তে হ’ব আবকাৰী শুল্ক। ডিচেম্বৰ মাহতে সংসদে অনুমোদন জনোৱা ২ বিধেয়কত অত্যধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। Mrinmoy Talukdar Jan 02, 2026 17:58 ISTFile Photo১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম। ধঁপাত আৰু পাণমচলাত GSTৰ পৰিৱৰ্তে হ’ব আবকাৰী শুল্ক। ডিচেম্বৰ মাহতে সংসদে অনুমোদন জনোৱা ২ বিধেয়কত অত্যধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। AdvertismentRead More- ২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবীকেন্দ্ৰীয় চৰকাৰে চিগাৰেট, গুটখা আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ আবকাৰী শুল্ক বৃদ্ধিৰ অধিসূচনা জাৰি কৰিছে। এই নতুন কৰ ব্যৱস্থা ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে বৃদ্ধি পাব ধঁপাত জাতীয় সামগ্ৰীৰ দাম। চিগাৰেট আৰু পাণমচলাত ৪০ শতাংশ কৰ আৰোপ কৰাৰ লগতে বিড়িত আৰোপ কৰা হৈছে ১৮ শতাংশ GST। Read More- বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নায়ক নহয়, দেশদ্ৰোহী!২০২৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব চিগাৰেটৰ মূল্য। এইবাৰ মূল্য বৃদ্ধি কেৱল ব্ৰেণ্ডৰ ওপৰত নহয়, চিগাৰেটৰ দৈৰ্ঘ্যৰ ওপৰতো নিৰ্ভৰ কৰিব। চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বিশেষ আবকাৰী শুল্ক পুনৰ প্ৰৱৰ্তন কৰিছে চৰকাৰে। ২০১৭ চনত GST কাৰ্যকৰী হোৱাৰ পিছত এয়া প্ৰথম বৃহৎ পৰিৱৰ্তন।Read More- প্ৰতিমাহে ভকতৰ একাউণ্টত সোমাব ১,৫০০ টকাকৈচৰকাৰৰ মতে অধিক কৰ দিলে বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ধূমপানৰ চাহিদা ক্ৰমান্বয়ে হ্ৰাস পাব। যেতিয়া চিগাৰেটৰ দাম বেছি হ’ব, তেতিয়া নতুন প্ৰজন্মই গ্ৰহণ কৰাৰ আগতে দুবাৰ চিন্তা কৰিব। স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে অধিক কৰ দিলে ধঁপাত ত্যাগ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে আৰু স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব পাৰে।Read More- বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!চৰকাৰৰ এই পদক্ষেপ স্বাস্থ্য আৰু সুৰক্ষা দুয়োটাকে মোকাবিলা কৰিবলৈ ৰচনা কৰা হৈছে। দাম বৃদ্ধিৰ এই সিদ্ধান্তই ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰাৰ লগতে চৰকাৰৰ বাবে অতিৰিক্ত ৰাজহ আহৰণ কৰিব, যিটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনস্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰা হ’ব।Read More- হিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰীমূলত ধঁপাত নিয়ন্ত্ৰণ আৰু ৰাজহ ব্যৱস্থা শক্তিশালী কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া অধিসূচনা অনুসৰি চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ আবকাৰী শুল্কত ব্যাপক পৰিৱৰ্তন কৰা হৈছে। লগতে এইবাৰ চিগাৰেটৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰা হৈছে। নতুন নিয়ম অনুসৰি প্ৰতি ১০০০ চিগাৰেটৰ অতিৰিক্ত আবকাৰী শুল্ক ২,০৫০ টকাৰ পৰা ৮,৫০০ টকাৰ ভিতৰত। অৰ্থাৎ চিগাৰেট যিমানেই দীঘলীয়া হ'ব সিমানেই দামো বেছি হ’ব।AdvertismentAdvertisment Read the Next Article